![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু: সোমবাৰে কাৰবি আংলং জিলাৰ বোকাজানত সংঘটিত হয় এক শোকাৱহ পথ দূৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি লংলেঙৰ পৰা ডিমাপুৰলৈ বিয়া খাবলৈ গৈ থকা মূহূৰ্তত সংঘটিত হয় দূৰ্ঘটনাটো ৷৩৯ নং ৰাষ্ট্রীয় ঘাইপথত ট্ৰাক আৰু টাটা চুমুৰ মুখামুখি সংঘৰ্ষ প্ৰাণ হেৰুৱা চাৰিজনকৈ লোক টাটা চুমুত আছিল ৷
চুমুখনৰ চাৰিজন যাত্ৰী থিতাতে নিহত আৰৱ গুৰুতৰভাৱে আহত দুজন। তথ্য অনুসৰি গোলাঘাট অভিমুখী ট্ৰাকখনৰ নম্বৰ AS 21 7654, ডিমাপুৰ অভিমুখী টাটা চুমুখনৰ নম্বৰ NL 07 T 0526। নিহত আটাইকেইজন নাগালেণ্ডৰ লংলিং ৰ বাসিন্দা ক্ৰমে,পকচাম, আবং, কান্দাত আৰু য়ংকাই বুলি জানিব পৰা গৈছে ৷আহত দুজনক বোকাজানৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰা হৈছে।












