স্বাস্থ্য প্ৰতিবেদন:
কিডনিৰ অসুখৰ পৰা দূৰত থাকিবলৈ কিডনি প্রতিদিনে পৰিষ্কাৰ কৰা প্রয়োজন। আমাৰ শৰীৰত কিডনিয়ে ছাকনিৰ কাম কৰে। লবণ, অবাঞ্ছিত কোনো পদার্থক শৰীৰৰ ভিতৰত প্রবেশ কৰাত বাধা দিয়ে কিডনিয়ে। সেয়ে কিডনি বেয়া হ’লে সকলো বৰ্জনীয় পদার্থ ৰক্তৰ সৈতে মিহলি হৈ শৰীৰক অসুস্থ কৰি তোলে।
তেতিয়াই প্রয়োজন হয় ডাযয়েলাইছিছৰ। ডাঙৰ ধৰণৰ ডায়েৰিয়া, পানী কম খোৱা, অনিয়ন্ত্রিত ছুগাৰ, উচ্চ ৰক্তচাপ, বিষ কমা ঔষধ বেছিকৈ খোৱা আদি কাৰণত কিডনি ক্ষতিগ্রস্ত হ’ব পাৰে। কিন্তু ইয়াৰ সমাধান ঘৰুৱাভাবেই পাব পাৰি। ধনীয়া পাতৰ ব্যৱহাৰেৰে কিডনি পৰিষ্কাৰ কৰি ৰাখিব পাৰি।
এমুঠি ধনীয়া পাত সৰু সৰুকৈ কাটি তাৰ পিছত তাক পৰিষ্কাৰ পানীত ডুবাই ১০ মিনিট গৰম পানীত উতলাওক।সিদ্ধ হোৱাৰ পিছত পৰিষ্কাৰ পানীত চেকি এটা বটলত ভৰাই আপুনি ফ্রিজত ৰাখিব পাৰে। তাৰ পিছত প্রতিদিনে সেয়া খাওক। ধনীয়া পাতৰ জুচ খালে আপুনি লক্ষ্য কৰিব কিডনিত জমা হৈ থকা বৰ্জনীয় পদার্থবোৰ প্রসাবৰ মাধ্যমেৰে বাহিৰ ওলাই যাব।
কিডনি পৰিষ্কাৰ কৰি ৰখাৰ উপৰি ধনীয়া পাতে উচ্চ ৰক্তচাপ কমায়, ছুগাৰৰ বাবেও ভাল, হজমশক্তি বৃদ্ধি কৰে, একজাইমাৰ এৰাই চলাত সহায় কৰে ইত্যাদি। এমুঠি ধনীয়া পাতত আছে ৪% প্রোটিন, ১% কার্বোহাইড্রেট, ১% ফেট, ১% কেলৰি, ২১% মেঙ্গানিজ, ১৫% পটাচিয়াম, ১১% কপাৰ, ১০% আয়ৰন, কেলচিয়াম ৭%। ৩৮৮% ভিটামিন কে, ৪৫% ভিটামিন চি, ১৩৫% ভিটামিন এ।