স্বাস্থ্য প্ৰতিবেদন:
কলত আছে শৰীৰৰ বাবে গুৰুত্বপূর্ণ কিছু ‘শ্লিম উপাদান’৷ অর্থাৎ, কলৰ প্রোটিনে শৰীৰক সঠিক ৰাখে আৰু পেট বহু সময় ভৰ্তি কৰি ৰাখে ৷ তাৰ উপৰি ৰক্তত চেনিৰ মাত্রাও স্থিতিশীল ৰাখে৷ ইয়াৰ ফলত শৰীৰত মিনাৰেল আৰু অন্যান্য উপাদানে ঠিকমতে কাম কৰিব পাৰে৷
কলত থকা মিনাৰেল উপাদান ‘মেগনেচিয়াম’-এ শৰীৰৰ পেশীক প্রসাৰিত কৰে আৰু লগতে বিপাক ক্রিয়াক সক্রিয় কৰি তোলে৷ ইয়াৰ ফলত অতিৰিক্ত ওজনৰ মানুহে শাৰীৰিকভাবে ভাল অনুভৱ কৰে৷
মন ভাল কৰা হৰমন
মন ভাল কৰা হৰমন ‘চেৰোটোনিন’ক ভালে থকাত সহায় কৰে কলত থকা এমিনো এচিড, যি ডায়েটিঙৰ সময়খিনিৰ বাবে অত্যন্ত জৰুৰী। কাৰণ, সেই সময়ত কম খোৱাৰ কাৰণে মানুহৰ মেজাজ বেয়া হৈ থাকে৷ কিন্তু কলে সেয়া হ’বলৈ নিদিয়ে৷ তাৰ উপৰি কল খালে ভাল টোপনি হয় আৰু টোপনিৰ সময়ত শৰীৰৰ চর্বি ক্ষয়ৰ ক্ষমতা বাঢ়ি যায়৷ ফলত ওজন কমোৱা সহজ হয়৷
পটাচিয়ামে পেট কমায়
অতিৰিক্তভাবে ফুলা পেটৰ বাবে কল খুবেই উপকাৰী৷ কাৰণ, কলত থকা পটাচিয়ামে কোষৰ ভাৰসাম্য ৰক্ষা কৰি শৰীৰৰ তৰল পদার্থক নিয়ন্ত্রণ কৰে৷ তাৰ উপৰি কল অলপ কেঁচা অৱস্থাত খালে সেয়াই পেটৰ গেছক দূৰ কৰাত সহায় কৰে৷ ইয়াৰ ফলত পেট অতিৰিক্ত ডাঙৰ হোৱাটো কমিব পাৰে৷
শৰীৰৰ বিষাক্ত পদার্থ বাহিৰ কৰে
কলত আছে পেকটিন পদার্থ, যি আহযুক্ত খাদ্যৰ সৈতে মিহলি হৈ হজম ক্ষমতা বৃদ্ধি কৰে আৰু সেয়া মলত্যাগৰ মাধ্যমেৰে শৰীৰৰ পৰা বিষাক্ত পদার্থ বা ডিটক্সিন বাহিৰ কৰাত সহায় কৰে৷