স্বাস্থ্য প্ৰতিবেদন:
চুলি দীঘল নোহোৱাটো আজিকালি বহুতৰেই অভিযোগ। অৱশ্যে আধুনিক জীবন যাত্রাত ইমান প্ৰদূষণ, বিষাদ আৰু পুষ্টিৰ অভাৱৰ মাজত এইটো স্বাভাবিক। চুলি সুন্দৰ ৰাখিবলৈ হ’লে ভালদৰে টোপনি হ’ব লাগিব, পুষ্টিকৰ খাদ্য খাব লাগিব, দুশ্চিন্তামুক্ত জীবন যাপন কৰিব লাগিব, চুলি পৰিষ্কাৰ ৰাখিব লাগিব ইত্যাদি আমি সকলোৱে জানো।
কিন্তু চুলি দীঘল কৰিবলৈ হ’লে কি কৰিব লাগিব? জানো আহক কিছু কথা :
১. খাদ্য তালিকাত ৰাখক প্রোটিন সমৃদ্ধ খাদ্য। ওজন আৰু বয়স অনুযায়ী প্রতিদিনে আমাৰ ৫০-১০০ গ্রাম প্রোটিনৰ প্রয়োজন হয়।
২. নিয়মিত চুলিৰ আগ কাটক। দীর্ঘদিন আগ নাকাটিলে চুলি বৃদ্ধি সহজতে নহয়।
৩. চুলি ভালে ৰখাৰ বাবে সঠিক ডায়েট জৰুৰী। ভিটামিনযুক্ত খাদ্য খাওক প্রতিদিনে। ভিটামিন এ, বি, চি, বায়োটিন, জিঙ্ক আৰু আয়ৰনযুক্ত খাদ্য খাওক।
৪. চুলিৰ বৃদ্ধি দ্রুত কৰিবলৈ বিচাৰিলে নাৰিকল তেল অত্যন্ত জৰুৰী। ইয়াত থকা ফেটি এচিডে চুলিৰ গুৰিত পুষ্টি যোগায়। সপ্তাহত অন্তত দুদিন নাৰিকল তেলেৰে চুলি মাছাজ কৰক।
৫. চুলিৰ স্বাস্থ্য ভালে ৰখাৰ উপৰি চুলিৰ বৃদ্ধি বঢ়াব বিচাৰিলে ডায়েটত ৰাখক ওমেগা থ্রি ফেটি এচিড সমৃদ্ধ খাদ্য। তেলযুক্ত মাছ আৰু বাদামত লাভ কৰিব ওমেগা। কিন্তু ছাপ্লিমেন্টৰী খাব বিচাৰিলে আগতে অৱশ্যেই চিকিৎসকৰ পৰামর্শ ল’ব।
৬. চুলিৰ গুৰিত নিয়মিত মাছাজ কৰক। ইয়াৰ ফলত চুলিৰ বৃদ্ধি বাঢ়িব। নিশা শোৱাৰ আগতে শুকানে চুলিৰ গুৰি মাছাজ কৰিব পাৰে দহ মিনিট। ইয়াৰ পিছত ওলোটা দিশৰ পৰা চুলি আঁচোৰক। হেয়াৰ পেক অথবা গৰম তেল দিও গা ধোৱাৰ আগতে কিছু সময় মাছাজ কৰক চুলিৰ গুৰি।
৭. ধূমপানৰ অভ্যাস থাকিলে আজিয়ে ত্যাগ কৰক।