স্বাস্থ্য প্ৰতিবেদন:
সঘনাই চুলি সৰাৰ ফলত মূৰৰ চুলি পাতল হৈ আহিছে? কেৱল যত্নৰ অভাৱতেই যে এনে হয়, সেয়া কিন্তু নহয়। বৰং প্ৰদূষণ, পানীৰ প্রকৃতি আদি নানা কাৰণতেই চুলিৰ ক্ষতি হ’ব পাৰে। মানসিক চাপো চুলি সৰাৰ অন্যতম কাৰণ।
তাৰ উপৰি চুলিৰ স্টাইলিং কৰাবলৈ যথেষ্ট যন্ত্রৰ ব্যৱহাৰ, কেমিকেল হেয়াৰ ট্রিটমেণ্ট এইবোৰেও চুলি পাতল কৰে। চুলি সৰাটো আচলতে একেবাৰে প্রাকৃতিক এটি প্রক্রিয়া। চুলি সৰিব আৰু পুনৰ নতুন চুলি গজিব, এয়া স্বাভাৱিক।
কিন্তু বহুতৰেই চুলি খুব বেছি পৰিমাণে সৰি যায়। চুলি সৰি তালু ওলোৱাৰ ভয়ো থাকে। বংশগত অথবা হৰমোনেল কাৰণত অথবা শাৰীৰিক কিছু সমস্যাত আমাৰ মূৰৰ কিছু অংশ অথবা সম্পূৰ্ণ মূৰৰ পৰা দ্রুতভাৱে চুলি সৰি থাকে।
মধুৰিআমৰ পাতত ভিটামিন চি থকা কথাটো সকলোৱেই জানো। মধুৰিআমৰ পাতে বিষ উপশম কৰে। কিন্তু এই মধুৰিআমৰ পাতেই যে আপোনাৰ চুলি সৰা বন্ধ কৰিব পাৰে,
সেইটো জানেনে? সঠিক পদ্ধতি জানিলে ভাল উপকাৰ পাব
১) প্রথমে কেইটামান মধুৰিআমৰ পাত লওক। পাতকেইটা উতলা পানীত দি কিছু সময় সিদ্ধকৰক।
২) প্রায় ২০ মিনিট ধৰি সিদ্ধ কৰাৰ পিছত মিশ্রণটো এটা পাত্রত চেকি লওক। তাৰ পিছত ঠাণ্ডা হ’বলৈ দিয়ক।
৩) ভালদৰে পানীৰে চুলি ধুই লওক। ড্রায়াৰ থাকিলে তাৰে চুলি শুকাই লওক।
৪) এইবাৰ মিশ্রণটো অলপ অলপকৈ চুলিৰ ভিতৰ ভাগত লগাওক। মনত ৰাখিব, আপোনাৰ চুলিত যেন অন্য কোনো কেমিকেল নাথাকে।
৫) মিশ্রণটো প্রায় দুঘণ্টামান মূৰত লগাই ৰাখিব। তাৰ পিছত ধুই পেলাব৷