স্বাস্থ্য প্ৰতিবেদন:
জালুকৰ ব্যৱহাৰ সমগ্ৰ বিশ্বজুৰি। আয়ুর্বেদৰ সময়ত ইয়াক ই ঔষধ হিচাবে ব্যৱহৃত হৈছিল। ইয়াৰ মূল কেন্দ্র দক্ষিণ ভাৰত। প্রাচীন কালৰ পৰাই ভাৰতত জালুক খাই অহা হৈছে। ইয়াৰ বহু ঔষধি গুণ আছে। চিকিৎসকে চর্দি, কাহ আৰু জ্বৰৰ ক্ষেত্রত জালুক দিয়া চাহ খোৱাৰ পৰামর্শ দিয়ে।
জালুকত ভিটামিন আৰু খনিজ আছে যিয়ে ইয়াক ছুপাৰফুড কৰাত সহায় কৰে। ইয়াৰ ব্যৱহাৰে বহু ৰোগৰ পৰা মুক্তি দিয়ে। জালুকে বিপাক ক্ৰিয়া বৃদ্ধি কৰে আৰু ওজন হ্রাস প্রক্রিয়া ত্বৰান্বিত কৰে।
আমি সকলোৱে জানো যে জালুকত ভিটামিন এ, কে, চি, কেলচিয়াম, পটাচিয়াম আৰু ছডিয়াম আছে। ইয়াৰ উপৰি জালুকত ফাইবাৰ আৰু স্বাস্থ্যকৰ ফেট পোৱা যায়। কেইবাটাও গৱেষণাৰ পৰা জানিব পৰা গৈছে যে মচলাদাপূৰ্ণ খাদ্য গ্রহণ কৰিলে বিপাক ক্ৰিয়া বৃদ্ধি হয় আৰু ওজন কমোৱাত সহায় কৰে। এইটো তাপীয় প্রভাবৰ কাৰণে হয়।
জালুক চাহ প্ৰস্তুতৰ উপকৰণ আৰু পদ্ধতি:
চাহ চামুচৰ চাৰিভাগৰ এভাগ জালুক, আদাৰ এটি সৰু টুকৰা, এক চাহ চামুচ মৌ, এক চাহ চামুচ নেমুৰ ৰস, এক গিলাচ পানী।
পানী, জালুক আৰু আদা সিদ্ধ কৰক ৫ মিনিট। এইবাৰ এই মিশ্ৰণ এটি কাপত লওক আৰু তাত নেমু আৰু মৌ মিহলাই লওক। মনত ৰাখিব যে গোটেই দিনটোত কেৱল দুই কাপ জালুক চাহ খোৱাটোহে স্বাস্থ্যকৰ। ইয়াতকৈ বেছি খালে আপোনাৰ ক্ষতি কৰিব পাৰে কাৰণ ইয়াৰ প্রভাব খুব গৰম। লগতে ওজন বৃদ্ধিতো এই বিধান অত্যন্ত কার্যকৰী।