নিউজ ডেস্কঃ
দেশৰ আন কেইখনমান ৰাজ্যত অবিজেপি চৰকাৰ যি দৰে পতন হৈছে তেনেদৰে এইবাৰ পতন হোৱাৰ সম্ভাৱনা আছে মহাৰাষ্ট্ৰ চৰকাৰ৷ আগন্তুক ২-৩ মাহৰ ভিতৰত মহাৰাষ্ট্ৰত সলনি হ’ব চৰকাৰ৷ শিৱ সেনা, এনচিপি, কংগ্ৰেছৰ মহাজোঁটক আঁতৰাই মুম্বাইৰ মচনদ দখল কৰিব বিজেপিয়ে৷ এনেদৰে দাবী কৰিছে কেন্দ্রীয় মন্ত্রী ৰাওচাহেব দানভে৷ বিজেপি কর্মীৰ এক সমাবেশত মন্ত্ৰীজনে স্পষ্ট ভাষাত দাবী কৰে মহাৰাষ্ট্ৰৰ মহাজোঁট চৰকাৰৰ পতন কেৱল সময়ৰ অপেক্ষা ৷
বিধান পৰিষদৰ নিৰ্বাচনৰ পাছতে বিজেপিয়ে মুম্বাইৰ মচনদ দখল কৰিব৷ কেন্দ্ৰৰ ক্ৰেতা সুৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী ৰাওচাহেব দানভে দাবী কৰে যে অহা ২ৰ পৰা ৩ মাহৰ ভিতৰত মহাৰাষ্ট্ৰৰ বৰ্তমান চৰকাৰ পতন হ’ব আৰু তেওঁলোকে গঢ়িব ৷ ‘মই আপোনালোকক কৈছো, মনত ৰাখক অহা ২-৩ মাহৰ ভিতৰত মহাৰাষ্ট্ৰত আমাৰ চৰকাৰ গঢ়িব৷ কি দৰে হ’ব মই নকও৷ সেয়া চৰকাৰ ভঙাৰ পাছত বুজা যাব৷’ এনেদৰে কেন্দ্ৰীয় মন্ত্ৰীজনে কয়৷ ইয়াৰ লগতে তেওঁ কয় যে তিনিওটা বিৰোধী দলেই বিজেপিৰ বিৰুদ্ধে যুঁজিছে, কিন্তু তেওঁলোকৰ মাজত পাৰস্পৰিক বিশ্বাস নাই৷