স্বাস্থ্য প্ৰতিবেদন:
শীতৰ বতৰত এনে বহু কিবা পোৱা যায় যিয়ে শৰীৰক সহজেই সুস্থ ৰাখিব পাৰে। শীতকালত সকলোতকৈ বেছি খোৱা এবিধ চবজি হ’ল মূলা। বেছিভাগ মানুহে ইয়াৰ স্বাদৰ কাৰণে মূলা পছন্দ কৰে। অৱশ্যে মূলা খালে স্বাস্থ্যসম্মত যি লাভ হয়, তাক বহুতে নাজানে।
ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে
মূলাত প্রচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে শীতত কফ আৰু চর্দি প্রতিৰোধ কৰে। মূলাই শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবেও কাম কৰে।
ৰক্তচাপ নিয়ন্ত্রণ
মূলাই শৰীৰত পটাচিয়াম সৰবৰাহ কৰে, যাৰ কাৰণে ৰক্তচাপ নিয়ন্ত্রণত থাকে। বিশেষকৈ যদি আপোনাৰ উচ্চ ৰক্তচাপ থাকে, তেন্তে ডায়েটত মূলা ৰখাটো দৰকাৰী।
হার্টক ৰোগৰ পৰা ৰক্ষা কৰে
মূলা এন্থোছায়ানিনৰ এটি ভাল উৎস হিচাপে বিবেচিত হয়। যাৰ বাবে ই হার্টক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম। প্রতিদিনে মূলা খালে হৃদৰোগৰ সম্ভাৱনা হ্রাস পায়।
প্রচুৰ পৰিমাণে ফাইবাৰ
মূলাত প্রচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়। যি ব্যক্তিয়ে প্রতিদিনে ছালাড হিচাবে মূলা খায়, তেওঁলোকৰ দেহত কেতিয়াও ফাইবাৰৰ অভাৱ নহয়। ফাইবাৰৰ কাৰণে পাচনতন্ত্রই সঠিকভাবে কাম কৰে।
হজম সহজ কৰে
মূলা খালে হজমত সহায় কৰে। লগতে ই এচিডিটি, স্থূলত্ব, গেষ্ট্ৰিকৰ সমস্যা আৰু বমি বমি ভাবৰ দৰে সমস্যা নিৰাময়তো সহায়ক।
ছালৰ বাবে ভাল
যদি আপুনি উজ্জ্বল ছাল পাব বিচাৰে তেন্তে প্রতিদিনে মূলাৰ ৰস খাব পাৰে। ইয়াত ভিটামিন চি আৰু ফছফৰাছ আছে। যিয়ে ছাল ভালে ৰাখে।













