নিউজ ডেস্কঃ
দেশৰ তথ্য-প্রযুক্তি কোম্পানী আৰু বিপিঅ’সমূহৰ কর্মচাৰীসকলে এতিয়াৰে পৰা ঘৰৰ পৰাই কাম কৰিব পাৰিব। ইমান দিনে নির্দিষ্ট স্থানৰ বাহিৰে তথ্য-প্রযুক্তি কোম্পানী আৰু বিপিঅ’ৰ কর্মচাৰীসকলে কাম কৰাৰ ক্ষেত্ৰত কিছু চর্ত মানি চলিবলগা হৈছিল।
কিন্তু বৃহস্পতিবাৰে কেন্দ্রীয় চৰকাৰে এই বাধা-নিষেধ শিথিল কৰি দিয়ে।
উল্লেখ্য যে কৰোনাৰ পৰিস্থিতিত চৰকাৰী বাধ্যবাধকতাৰ মাজেৰে এই কোম্পানীবোৰে ব্যৱসায় চলোৱাত অসুবিধা হোৱাত তথ্য-প্রযুক্তি কোম্পানী আৰু বিপিঅ’বোৰে যৌথভাবে কেন্দ্রীয় দূৰসংযোগ মন্ত্ৰালয়ৰ ওচৰত উক্ত বাধা-নিষেধবোৰ শিথিল কৰাৰ আবেদন জনাইছিল। তাৰ পৰিপ্রেক্ষিততে এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ। কেন্দ্রীয় দূৰসংযোগ মন্ত্ৰালয়ে এক বিবৃতিত কোৱা হয়, ‘‘এক ডাঙৰ সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰা হ’ল। আডাৰ ছার্ভিচ প্রভাইডাৰসকলৰ কামৰ কিছু বাধা-নিষেধ শিথিল কৰা হ’ল। এই পদক্ষেপে ভাৰতত ঘৰৰ পৰা বা নথিভুক্ত অফিচৰ ঠিকনাৰ বাহিৰে অন্য যিকোনো স্থানৰ পৰা কর্মচাৰীসকলক কাম কৰিবলৈ উৎসাহিত কৰিব। ইয়াৰ ফলত বিশেষভাবে উপকৃত হ’ল তথ্য-প্রযুক্তি কোম্পানী, তথ্য-প্রযুক্তিৰ ওপৰত নির্ভৰশীল কর্মক্ষেত্র আৰু বিপিঅ’সমূহৰ কর্মচাৰীসকল।’’
কেন্দ্রীয় দূৰসংযোগ মন্ত্ৰালয়ৰ এই পদক্ষেপক আদৰণি জনাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটযোগে কয় যে ভাৰতত সহজতে ব্যৱসায় কৰিব পৰাৰ সুবিধা প্ৰদানৰ বাবেই এই পদক্ষেপ। ইয়াৰ ফলত তথ্য-প্রযুক্তিৰ কেন্দ্র হিচাবে ভাৰতক গঢ়ি তোলাৰ লক্ষ্যত আগবাঢ়ি যোৱা সম্ভৱ হ’ব।