স্বাস্থ্য প্ৰতিবেদন:
স্বাস্থ্যৰক্ষাত নহৰু খোৱাৰ প্ৰচলন বহু দিনৰ। খ্ৰীষ্টপূর্ব ১৫০০ শতিকাত চীন আৰু ভাৰতত তেজ পাতল ৰাখিবৰ বাবে ইয়াৰ প্রচলন আছিল। আধুনিক চিকিৎসা বিজ্ঞানৰ জনক হিপোক্রেটিছেও ইয়াক ব্যৱহাৰ কৰিছিল ছাৰভাইকেল কেন্সাৰৰ চিকিৎসাত। লুই পেষ্টুৰে ইয়াৰ এণ্টিফাঙ্গাল আৰু এন্টিবেক্টেৰিয়েল গুণৰ বিষয়ে জানিছিল। সময়ৰ লগে লগে অধিক উপকাৰৰ কথাও জনা গৈছে।
আধুনিক বিজ্ঞানীসকলে জনালে হৃদৰোগ প্রতিৰোধত ইয়াৰ ভূমিকাৰ কথা। ইউনিভাৰ্ছাটী অব কানেটিকাটৰ স্কুল অব মেডিচিনৰ কার্ডিঅভাছকুলাৰ ৰিছাৰ্চ দলৰ বিজ্ঞানীসকলৰ দাবী, কেঁচা নহৰু খালে হৃদপিণ্ড বহু বেছি সুস্থ থাকে। ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটো ইয়াৰ ভূমিকা আছে।
কোভিডৰ জটিলতাত হৃদৰোগ আৰু উচ্চ ৰক্তচাপো জড়িত হৈ পৰিছে। সেয়ে নিয়মিত নহৰু খালে যদি হার্ট আৰু ৰক্তচাপ ঠিকে থাকে, কমি থাকিব কোভিডৰ জটিলতাও। ইয়াৰ আৰু নানা উপকাৰ আছে।
যেনে–
• নিয়মিত নহৰু খালে মুঠ কলেষ্টেৰল আৰু বেয়া কলেষ্টেৰল এলডিএলৰ প্রায় ১০–১৫ শতাংশ কমি যায়। অৱশ্যে উপকাৰী কলেষ্টেৰল বা এইচডিএল বৃদ্ধিত আৰু ট্রাইগ্লিছাৰাইড কমোৱাত ইয়াৰ কোনো ভূমিকা নাই।
• বিপাকীয় ক্রিয়া আৰু পৰিবেশ প্ৰদূষণৰ ফলত শৰীৰত যি ফ্রি ৰেডিকেলছ সৃষ্টি হয় সেয়া হার্ট তথা সমগ্ৰ শৰীৰৰ বাবে ক্ষতিকৰ। নহৰুৰ এণ্টি-অক্সিচেণ্টে সেই ক্ষতি খুব ভালভাবে ৰুধিব পাৰে। কোভিডতো উপকাৰ হয়।
• সমীক্ষাত দেখা গৈছে, যিসকল হৃদৰোগীয়ে নিয়মিত নহৰু খায়, তেওঁলোক বহু বেছি সক্রিয় থাকে। অৱশ্যে এই বিষয়ত যথেষ্ট গৱেষণাৰ প্রয়োজন।
• আয়ুর্বেদত কৈছে, সকলোতকৈ ভাল ফল পাবলৈ হ’লে ছাপ্লিমেন্ট নাখায় খাব লাগিব কেঁচা নহৰু।
কেঁচা নহৰুহে কিয়?
জার্নেল অব এগ্রিকালচাৰেল এণ্ড ফুড কেমিষ্ট্ৰিত প্রকাশিত প্রবন্ধত কেঁচা আৰু শুকান নহৰুৰ প্রভাৱ বিচাৰ কৰিছে বিজ্ঞানীসকলে। গৱেষণাগাৰত ডাঙৰ হোৱা দুই দল ইন্দুৰৰ মাজত এটা দলক কেইদিনমান ধৰি খুওৱা হয় সতেজ কেঁচা নহৰু, আনটো দলক শুকান নহৰু। ইয়াৰ পিছত তেওঁলোকৰ মাজত মৃদু হার্ট এটাক সৃষ্টি কৰি তেওঁলোকে দেখে কোন গ্রুপৰ ইন্দুৰে কেনেদৰে চম্ভালিছে ইয়াৰ প্ৰভাৱ৷
হার্ট এটাকৰ ফলত অক্সিজেনৰ অভাৱত হার্টৰ পেশীৰ যি ক্ষতি হৈছে, দুয়োটা দলৰ ইন্দুৰেই সেয়া চম্ভলিছে প্রায় একেই দক্ষতাত। কিন্তু যিবোৰে কেঁচা নহৰু খাইছিল, এই বিপর্যয়ৰ পিছতো সিহঁতৰ হার্টৰ মূল ধমনিৰে ৰক্ত সঞ্চালন বেছি ভাল ভাবে হৈছে আৰু হার্টৰ ভিতৰত এনে কিছু পৰিবর্তন হৈছে যাৰ ফলত তুৰন্তে ৰোগৰ খুন্দা চম্ভালি উঠিছে সিহঁতে।
এই ক্ষেত্ৰত হিউমেন ট্রায়েল নহ’লেও মোটামুটি নিশ্চিত কৰি ক’ব পৰা যায়, কেঁচা নহৰুৰ যিমান উপকাৰ, ৰন্ধনত দিয়াৰ পিছত সিমান নাথাকে।
কেতিয়া, কেনেদৰে খাব?
পুৱা খালী পেটতহে যে খাব লাগিব তেনে নহয়। বিয়লি-দুপৰীয়া বা ৰাতিও খাব পাৰে। সম্পূৰ্ণ উপকাৰ পাবলৈ হ’লে কেঁচাই খাব লাগিব। এনেই খোৱাত অসুবিধা হ’লে ধনীয়াপাতৰ লগতে বটি লওক। নাৰিকল বা কচু বটাত মিহলাওক। চালাডত বা দৈত মিহলাই খাওক। কাৰোবাৰ আকৌ ভয়, উশাহ-নিশাহত দুৰ্গন্ধ ওলাব! তাৰো উপায় আছে। দাঁত মাজক বা ব্যৱহাৰ কৰক মাউথ-ৱাশ্ব, গোন্ধ গুচি যাব।














