নিউজ ডেস্কঃ
শাসন ব্যৱস্থাৰ ক্ষেত্ৰত দেশৰ বিভিন্ন ৰাজ্যৰ তালিকাত সকলোতকৈ ওপৰত আছে বাম শাসিত কেৰালা৷ আনহাতে শেষত স্থান পাইছে যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশ৷ বেংগালুৰুৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ সমীক্ষাই এই কথা প্ৰকাশ কৰিছে৷ ইছৰোৰ প্ৰাক্তন প্ৰধান কে কস্তৰিৰংগনৰ নেতৃত্বাধীন স্বেচ্ছাসেৱী সংস্থাটোৰ পাব্লিক এফেয়াৰছ চেণ্টাৰে এই সমীক্ষাটো কৰিছে৷ ইয়াত দক্ষিণ ভাৰতৰ ৰাজ্যবোৰ দেশৰ ভিতৰত শ্ৰেষ্ঠ বুলি বিবেচিত হৈছে৷ মূলত সুসংহত উন্নয়নৰ পৰিকল্পনা, জীৱনধাৰণৰ মান, নাগৰিকৰ নিৰাপত্তাৰ দৰে সূচকৰ নিৰিখত সমীক্ষাটো কৰিছে স্বীকৃত এই স্বেচ্ছাসেৱী সংস্থাটোৱে ৷ তেওঁলোকৰ বিচাৰত দেশৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ ৰাজ্য নিৰ্বাচিত হৈছে কেৰালা৷
এই ঘোষণাই আগন্তুক বছৰৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী বিজয়নক স্বস্তি দিছে৷ এই সংগঠনটোৰ বিচাৰত দেশৰ সকলোতকৈ বেয়া ৰাজ্য বিজেপি শাসিত উত্তৰ প্ৰদেশ৷ আন ৰাজ্যবোৰৰ ভিতৰত শ্ৰেষ্ঠ হিচাপে আছে দক্ষিণ ভাৰতৰ চাৰিখন ৰাজ্য৷ কেৰালাৰ পাছত দ্বিতীয় স্থানত তামিলনাডু, তৃতীয়ত অন্ধ্রপ্রদেশ আৰু চতুর্থত কর্ণাটক।
শেষৰ ফালে থকা তিনিখন ৰাজ্য হ’ল উত্তৰ প্ৰদেশ, ওড়িশ্যা আৰু বিহাৰ৷ দেশৰ সকলোতকৈ বেয়া শাসিত ৰাজ্যৰ ভিতৰত তিনি নম্বৰত বিহাৰ৷ এই বাতৰিয়ে নিৰ্বাচনৰ বতৰত অস্বস্তিত পেলাইছে নীতীশ কুমাৰক৷ আনহাতে সৰু ৰাজ্যবোৰৰ ভিতৰত বিজেপি শাসিত গোৱা, মেঘালয় আৰু হিমাচল প্ৰদেশ আছে শ্ৰেষ্ঠৰ তালিকাত৷ এই সূচকত বেয়াৰ তালিকাত দ্বিতীয়ত আছে দিল্লী৷ সৰু ৰাজ্যবোৰৰ সকলোতকৈ তলত আছে মণিপুৰ৷ বিজেপি শাসিত উত্তৰাখণ্ড এই তালিকাৰ শেষৰ পৰা তৃতীয়ত আছে৷