নিউজ ডেক্স:
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গাত পৰিল ভাটৌৰ জাক। গুজৰাট ভ্ৰমণৰ প্রধানমন্ত্রীৰ এই ছবি ভাইৰেল এতিয়া নেট জগতত।সম্প্রতি দুদিনৰ বাবে গুজৰাট ভ্ৰমণত প্রধানমন্ত্রী নৰেন্দ্র মোদী।
শুক্রবাৰে চর্দাৰ পেটেল জুলজিকেল পার্কৰ উদ্বোধন কৰে প্রধানমন্ত্রী মোদীয়ে। তাতেই প্রকৃতিৰ মাজত সময়ও কটালে কিছু সময়। প্রথমে নর্মদা জিলাৰ কেভাদিয়াত হাৰ্বেল গার্ডেনৰ উদ্বোধন কৰে।
তাৰ পিছত তাৰ পৰা গৈ চর্দাৰ পেটেল জুলজিকেল পার্কৰ উদ্বোধন কৰে। তাতেই টাইগাৰ চাফাৰী কৰে তেওঁ। প্রধানমন্ত্রীৰ সৈতে আছিল গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানি আৰু ৰাজ্যপাল আচার্য দেবব্রত।
এই পার্কৰ ভিতৰতেই তৃণভোজী আৰু মাংসভোজী প্ৰাণী পৃথকে পৃথকে সংৰক্ষণ কৰা হৈছে।
বন্যপ্রাণী আৰু বন্য পৰিবেশ ভালদৰেই উপভোগ কৰে প্রধানমন্ত্রীয়ে। তাতেই সংৰক্ষিত ভাটৌৰ সৈতেও কিছু সময় কটায়। পার্কৰ মাজতে দুটি ভাটৌ প্রধানমন্ত্রীৰ হাতেৰে উঠি যায় কান্ধলৈ।
আনন্দৰ লহৰ মুহূর্ততে ফুটি উঠে প্রধানমন্ত্রীৰ চকুৱে-মুখে। ভাটৌ চৰাইক কাষলৈ আনি মাস্ক পৰিহিত অৱস্থাতেই সিহঁতক উদ্দেশ্য কৰি কিবা কৈ থকাও দেখা যায় প্রধানমন্ত্রীক। ছচিয়েল মিডিয়াত এই দৃশ্যৰ ছবি ভাইৰেল হৈ যায় ব্যাপক হাৰত।










