নিউজ ডেক্স:
২০২০ চনৰ ডিচেম্বৰ মাহৰ ভিতৰতেই সম্ভৱত তৈয়াৰ হ’ব পাৰে অক্সফোর্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰাজেনেকাৰ কৰোনা ভেকচিন। ভাৰতত এই ভেকচিনৰ ওপৰত কাম আৰম্ভ কৰিছে চেৰাম ইনষ্টিটিউটে। অক্সফোর্ড ভেকচিন কোভিশ্বিল্ড ডিচেম্বৰ মাহৰ ভিতৰতে তৈয়াৰ হৈ উঠিব পাৰে বুলি আশা প্রকাশ কৰিছে চেৰাম প্রধান আদৰ পুনাৱালাই।
ডিচেম্বৰৰ আৰম্ভণিতেই যদি অক্সফোর্ড ভেকচিনৰ তৃতীয় ট্রায়েলৰ ফল পজিটিভ হয়, তেতিয়া ভেকচিন বজাৰলৈ অনাৰ অনুমোদনৰ আশা কৰা হ’ব বুলি চেৰামে জনাইছে। যিমানবোৰ ভেকচিনৰ ওপৰত বিশ্বত কাম চলিছে, তাৰ ভিতৰত অক্সফোর্ডৰ এই ভেকচিনটো সকলোতকৈ বেছি কাৰ্যকৰী আৰু নিৰাপদ বুলিয়েই ভাবিছে বিশেষজ্ঞসকলে।










