নিউজ ডেক্স:
ক্রমাৎ নাৰী নির্যাতনৰ অন্যতম কেন্দ্রত পৰিণত হৈছে যোগী ৰাজ্য। কিছুদিন পূৰ্বে হাথৰসত এগৰাকী দলিত কিশোৰীক ধর্ষণৰ পিছত উত্তাল হৈ উঠিছিল সমগ্ৰ দেশ। সাধাৰণ মানুহৰ লগতে তীব্র প্রতিবাদ জনাইছিল একাধিক ৰাজনৈতিক নেতাইও।
ইমানৰ পিছতো পুনৰ চৰ্চাৰ শিৰোনামলৈ আহিল সেই যোগী ৰাজ্য। এগৰাকী ১০ বছৰীয়া নাবালিকাক ধর্ষণ কৰাৰ ফলত পুনৰ উত্তাল উত্তৰ প্রদেশ। জানিব পৰা মতে, ঘটনাটো ঘটিছে গৌতম বুদ্ধ নগৰ জিলাৰ এখন গাঁৱত। বিষয়টোৰ ওপৰত দ্রুত পদক্ষেপো গ্রহণ কৰিছে স্থানীয় আৰক্ষীয়ে।
অভিযুক্ত সম্বন্ধীয় ভাতৃক ইতিমধ্যে জিম্মাত লৈছে স্থানীয় আৰক্ষীয়ে। জানিব পৰা মতে, অভিযুক্ত ভাতৃজনৰ নাম জিতেন্দ্র। স্থানীয় আৰক্ষী বিষয়াই জনোৱা মতে, ১০ বছৰৰ কিশোৰীগৰাকীক ধর্ষণৰ অপৰাধত গ্রেপ্তাৰ কৰা হৈছে অভিযুক্ত ভাতৃক।
এই ঘটনা পোহৰলৈ অহাত অবাক স্থানীয় বাসিন্দাসকলো।আৰক্ষী সূত্ৰে জানিব পৰা মতে, নির্যাতিতাৰ মাতৃ ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক হাতেলোটে ধৰে। তাৰ পিছত তাক আৰক্ষীৰ হাতত গটাই দিয়ে।










