নিউজ ডেক্স:
সমগ্ৰ বিশ্বৰ বহুবোৰ দেশত এতিয়া আৰম্ভ হৈছে ক’ৰোনাৰ দ্বিতীয় পৰ্যায়ৰ ঢৌ ৷ ফ্ৰান্সতো আৰম্ভ হৈছে পুনৰ ক’ৰোনা বিভীষিকা ৷ ল’কডাউনৰ দৰে দেশৰ অৰ্থনীতিত বেয়াকৈ প্ৰভাৱ পেলোৱা কাৰকৰ পুনৰ বাৰ ওচৰ চাপিব লগীয়া হৈছে ফ্ৰান্স ৷
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেঁক্ৰ’ই বুধবাৰে এই ল’কডাউনৰ কথা ঘোষণা কৰে ৷ এই লকডাউনৰ ম্যাদ বৰ্তমান ৩০ অক্টোবৰৰপৰা ১ ডিচেম্বৰলৈকে ঘোষণা কৰা হৈছে ৷
উল্লেখযোগ্য যে, ফ্ৰান্সত এপ্ৰিলৰ পিছত পুনৰ এই অক্টোবৰ মাহতেই ক’ভিড-১৯ত মৃতকৰ হাৰ সৰ্বোচ্চ হোৱা দেখা গৈছে ৷ আনহাতে ৰাষ্ট্ৰপতিৰ ল’কডাউনৰ ঘোষণাৰ ঠিক আগদিনা মানে মঙ্গলবাৰে ফ্ৰান্সত মাত্ৰ সেই দিনটোত ক’ভিড-১৯ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ৩৩হাজাৰ জন হৈছিল ৷ সেয়ে এই সিদ্ধান্ত লৈছে ৰাষ্ট্ৰপতি গৰাকীয়ে ৷










