![]()
নিউজ ডেস্কঃ
মনৰ সংগী বিচাৰি আছে এগৰাকী মহিলাই৷ মনে বিচৰা সংগী বিচাৰি ১০ বাৰ বিবাহ পাশত বন্দী হৈছে এইগৰাকী মহিলা৷ তথাপি পোৱা নাই মনৰ মানুহ৷ তেওঁ আমেৰিকাৰ বাসিন্দা৷ নাম কাছি৷ এইগৰাকী মহিলাই আমেৰিকাৰ এক টিভি শ্ব’ট নিজৰ কাহিনী শুনায়৷ ১০ বাৰ তেওঁ বিবাহ হৈছে বুলি মহিলাগৰাকীয়ে জনায়৷ তাৰ পাছতো মনৰ মানুহ পোৱা নাই ৷
উল্লেখ্য যে তেওঁ মনৰ মানুহ বিচাৰি এজনৰ পাছত এজন বিবাহ কৰাইছে৷ দহ বাৰ মনৰ মানুহ বিচাৰি এখনৰ পাছত এখনকৈ বিবাহত বহা মহিলাগৰাকীয়ে পুনৰ বিবাহত বন্দী হ’ব৷ কেছিয়ে এজন স্বামীৰ সৈতে কিছুদিন থকাৰ পাছত সম্পৰ্ক বেয়া হয়৷ মনৰ অমিল হ’লেই সম্পৰ্ক ছেদ কৰি নতুন সংগীৰ হাতত ধৰে৷
এইবাৰ একাদশতম বিয়াৰ পৰিকল্পনা। ৫৬ বছৰীয়া কেছিৰ ১০ খন বিয়াৰ ভিতৰত প্ৰথমজনৰ লগত ৮ বছৰ থাকে৷ দ্বিতীয়খন বিবাহৰ পাছত ৭ বছৰ থাকে৷ আটাইতকৈ কম ছমাহ থাকে সংগীৰ সৈতে ৷ কিমানবাৰ বিবাহ হৈছে তাত তেওঁ গুৰুত্ব নিদিয়ে৷ তেওঁ প্ৰকৃত সংগীৰ সন্ধানতহে ব্যস্ত৷ এনেদৰে মনৰ মানুহ বিচাৰি দহবাৰ বিবাহ পাশত বন্দী হোৱা মহিলাগৰাকীয়ে এইবাৰ পুনৰ বিবাহৰ মন মেলিছে ৷










