![]()
নিউজ ডেস্কঃ
দেশৰ ৰাজধানীত আৰম্ভ হৈছে নেকি কৰোনাৰ তৃতীয় ঢৌ? সম্ভাৱনা উৰুৱাই দিয়া নাই দিল্লীৰ স্বাস্থ্যমন্ত্রী সত্যেন্দ্র জৈনে। এটা দিনত নতুন আক্রান্তৰ নতুন ৰেকর্ড হোৱাৰ পিছত মন্ত্রীগৰাকীয়ে কয়, কেৱল সম্ভাৱনা নহয়, ‘‘ইতিমধ্যেই তৃতীয় ঢৌ আৰম্ভ হৈও যাব পাৰে।’’ অৱশ্যে আক্রান্তসকলৰ চিকিৎসাৰ পর্যাপ্ত বন্দোবস্ত কৰি ৰখা হৈছে বুলিও তেওঁ দাবী কৰে।
উল্লেখ্য যে বিগত কেইবা দিনো ধৰি দিল্লীত ২৪ ঘণ্টাত কৰোনাৰ সংক্রমণ হোৰাহোৰে বাঢ়িছিল। বৃহস্পতিবাৰে সেই সংখ্যাই চেৰ পেলায় অতীতৰ সকলো ৰেকর্ড। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুযায়ী, আজি মুঠ নতুন আক্রান্ত হৈছে ৫ হাজাৰ ৬৭৩ জন। ইয়াকে লৈ দুবাৰ সংক্রমণ তলৰ ফালে গৈ পুনৰ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিলে। তাৰ পৰাই তৃতীয় সংক্রমণৰ চৰ্চা আৰম্ভ হয়।










