![]()
নিউজ ডেস্কঃ
২৯ অক্টোবৰ দিনটো সমগ্ৰ বিশ্বতে ইণ্টাৰনেট দিৱস হিচাপে পালন কৰা হয় ৷ বেলিকমিউনিকেচন আৰু টেক্ন’ল’জিৰ বাবে এটা বিশেষ স্মৃতিক সুৱৰি এই দিনটো পালন কৰা হয় ৷
১৯৬৯চনৰ আজিৰ এই বিশেষ দিনটোতে প্ৰেৰণ কৰা হৈছিল এটা কম্পিউটাৰৰপৰা আন এটা কম্পিউটাৰলৈ প্ৰথম ইলেক্ট্ৰনিক মেছেজটো ৷ গুগল চাৰছৰ দৰে সহজ নাছিল কমিউনিকেচন ৷ ছাৰ্লি ক্লাইন নামৰ লছ্ এন্জেলছ্ৰ কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিৰ এজন ছাত্ৰই ষ্টেনফ’ৰ্ড ৰিছাৰ্ছ ইন্ষ্টিটিউটৰ বিল ডাভেললৈ পঠিয়াইছিল বিশ্বৰ প্ৰথমটো লং দিষ্টেঞ্চ কম্পিউটাৰ নেটৱৰ্ক মেছেজ ৷
বিশ্ব ইণ্টাৰনেট দিৱস বা আন্তৰ্জাতিক ইণ্টাৰনেট দিৱস ২০০৫ চনত প্ৰথম বাৰৰ বাবে ডাঙৰকৈ পালন কৰা হৈছিল ৷










