![]()
নিউজ ডেস্কঃ
গুজৰাটৰ প্রাক্তন মুখ্যমন্ত্রী কেশুভাই পেটেলৰ বৃহস্পতিবাৰে মৃত্যু হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ কেশুভাই পেটেলৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯২ বছৰ৷ উল্লেখ্য যে যোৱা মাহত তেওঁৰ শৰীৰত কৰ’না সংক্রমণ ধৰা পৰিছিল৷ সেই সংক্ৰমণ উপসৰ্গহীন আছিল৷ জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা হৰ্থাৎ তেওঁৰ শ্বাসকষ্ট আৰম্ভ হয়৷ সেয়ে তেওঁক তৎক্ষণাত আহমদাবাদৰ চিকিৎসালয়ত ভৰ্ত্তি কৰে ৷
কিন্তু চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়৷ বৃহস্পতিবাৰে দিনৰ ১১.৫৫ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ চিকিৎসালয়ৰ তৰফৰ পৰা জনোৱা মতে তেওঁ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয়৷ প্ৰৱীন ৰাজনীতিবিদজনক অচেতন অৱস্থাত চিকিৎসালয়লৈ নিয়া হৈছিল৷ চিকিৎসকে বহু চেষ্টা কৰিছিল৷ কিন্তু হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছৰ পৰা তেওঁৰ সংজ্ঞা ঘুৰি অহা নাছিল৷ উল্লেখ্য যে ১৯৯৫ তেওঁ প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈছিল ৷ ১৯৯৮ চনৰ পৰা ২০০১ চনলৈকে তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল ৷ পাছত তেওঁ বিজেপি এৰি ২০১২ চনত ‘গুজৰাট পৰিবর্তন পার্টি’ গঠন কৰে৷ ২০১৪ চনত তেওঁ পুনৰ বিজেপিত যোগ দিয়ে৷ তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷










