![]()
নিউজ ডেস্কঃ
এক সর্বভাৰতীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত প্রধানমন্ত্রীয়ে দেশবাসীক আশ্বস্ত কৰি কয় যে টীকা পালেই সকলোকে সেয়া দিয়া হ’ব। কাকোৱেই বাদ দিয়া নহ’ব। অৱশ্যে প্রথম অৱস্থাত স্পর্শকাতৰ লোক আৰু সন্মুখৰ শাৰীৰ কোভিড যোদ্ধাসকলৰ দিশে দৃষ্টি থাকিব বুলিও তেওঁ উল্লেখ কৰে।
আনহাতে, ১৩০ কোটিৰো অধিক জনসংখ্যাৰ দেশখনত প্রতিজন মানুহক টীকা দিবৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে কোভিড টীকাৰ সম্পূৰ্ণ ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰই এটি বিশেষজ্ঞ দল গঠন কৰিছে৷ কোন ৰাজ্যত কেতিয়া টীকা দিয়া হ’ব, ক’ত সংৰক্ষণ কৰা হ’ব, কোনে অগ্রাধিকাৰ পাব— এই সকলো বিষয় নির্ধাৰণ কৰিব কমিটিখনে।
আন্তঃগাঁথনিৰ ক্ষেত্ৰত, কোভিড টীকা সংৰক্ষণ কৰা হ’ব ২৮ হাজাৰৰো অধিক ক’ল্ড চেনত। তাৰ পৰা টীকা কেন্দ্রলৈ পঠোৱা হ’ব। ৰাজ্য, জিলা আৰু স্থানীয় স্তৰত থাকিব নির্দিষ্ট দল। টীকাৰ বিতৰণ, প্রয়োগ আৰু ব্যৱস্থাপনা সঠিক পদ্ধতিত হৈছেনে নাই, তাৰ তদাৰকী কৰিব এই দলবোৰে।










