নিউজ ডেক্স:
এইবাৰ আইচিইউত ভর্তি, ভেন্টিলেচনত থকা ২১ বছৰীয়া অচেতন ৰোগীক ধর্ষণৰ অভিযোগ উঠিল এজন স্বাস্থ্যকর্মীৰ বিৰুদ্ধে! নিৰ্যাতিতা যুৱতীগৰাকী যক্ষ্মাত আক্রান্ত। প্রবল শ্বাসকষ্টৰ বাবে যোৱা ২১ তাৰিখে তেওঁক গুড়গাঁৱৰ ছেক্টৰ–৪৪ৰ ফর্টিছ হস্পিটেলত ভর্তি কৰোৱা হয়। আইচিইউৰ এটি পৃথক ঘৰত আছিল তেওঁ।
যোৱা ২১ৰ পৰা ২৭ অক্টোবৰ পর্যন্ত জ্ঞান নাছিল যুৱতীগৰাকীৰ। অভিযোগ, সেই সময়তেই তেওঁ যৌন নির্যাতনৰ চিকাৰ হ’বলগা হয়। জ্ঞান ঘূৰাই পোৱাৰ পিছত তেওঁ পিতৃলৈ লিখা তিনি পৃষ্ঠাৰ দীঘলীয়া চিঠিত নিজৰ লাঞ্ছনাৰ বিস্তাৰিত বিৱৰণ দিয়ে।
চিঠি পঢ়ি স্তম্ভিত হৈ যায় যুৱতীগৰাকীৰ পিতৃ। লগে লগে তেওঁ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।হস্পিটেলৰ ৰেকর্ড আৰু চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে আৰক্ষীয়ে। যুৱতীগৰাকীৰ চিঠিৰ পৰা জানিব পৰা গৈছে, অভিযুক্তৰ নাম বিকাশ।
বুধবাৰে এফআইএৰ দাখিল কৰা হৈছে অভিযুক্তৰ বিৰুদ্ধে। অভিযোগ লাভ কৰিয়েই আৰক্ষীয়ে দ্রুততাৰে ছোৱালীজনীৰ বিবৃতি ল’বলৈ হস্পিটেললৈ যায় যদিও তেওঁলোকক বাধা দিয়া হয়। চিকিৎসকৰ দাবী, ছোৱালীজনী কথা ক’ব পৰা পৰিস্থিতিত নাই।
অৱশ্যে তদন্তত নামি অভিযুক্তক চিহ্নিত কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, অভিযুক্ত হস্পিটেলৰ স্থায়ী কর্মচাৰী নহয়। অস্থায়ী কর্মচাৰী হিচাবে কাব কৰিবলৈ আহিছিল।
আনফালে আৰক্ষী সূত্ৰে জনাইছে, নির্যাতিতাৰ এটি মেডিকেল পৰীক্ষা কৰা হয় বুধবাৰে।
তেওঁৰ নিৰাপত্তাৰ বাবে আৰক্ষী মোতায়েন কৰা হৈছে। তেওঁ সুস্থ হৈ উঠিলে কাউন্সেলিঙৰো ব্যৱস্থা কৰা হ’ব। তেতিয়াই তেওঁৰ বিবৃতিও গ্রহণ কৰা হ’ব। ইফালে ফর্টিছ হস্পিটেল কর্তৃপক্ষই জনাইছে, তেওঁলোকে আৰক্ষীৰ সৈতে পূর্ণ সহযোগিতা কৰিছে যাতে তদন্ত সঠিক পথত আগবাঢ়ে।










