নিউজ ডেস্কঃ
দুদিন পূৰ্বে দেশত প্রতিদিনে নতুন কৰোনা সংক্রমিতৰ সংখ্যা নামিছিল ৩৬ হাজাৰৰ ঘৰলৈ। বৃহস্পতিবাৰে সেই সংখ্যা উপনীত হ’ল প্রায় ৫০ হাজাৰত। একে সময়তে দেশত মুঠ আক্রান্ত ৮০ লক্ষ অতিক্ৰম কৰি গ’ল। বৃদ্ধি পাইছে সংক্রমণৰ হাৰো। এয়া কৰোনাৰ দ্বিতীয় ঢৌ বুলি নক’লেও বিশেষজ্ঞসকলৰ বহুতৰেই অনুমান, উৎসৱৰ বতৰত জনসমাগমৰ ফলত নতুন আক্রান্তৰ সংখ্যাত এই বৃদ্ধি হ’ব পাৰে। মৃত্যুৰ সংখ্যাও সামান্য বাঢ়িছে।
কিন্তু কিছু স্বস্তি দি সুস্থতাৰ হাৰ ৯১ শতাংশ পাওঁ পাওঁ। বৃহস্পতিবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ প্রকাশিত বুলেটিন অনুযায়ী, দেশত বিগত ২৪ ঘণ্টাত নতুনকৈ কোভিড পজিটিভ হৈছে ৪৯ হাজাৰ ৮৮১ জন। ইয়াকে লৈ দেশত কৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাই হ’ল ৮০ লক্ষ ৪০ হাজাৰ ২০৩।
আনহাতে, বৃহস্পতিবাৰৰ বুলেটিন অনুযায়ী বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৫৬ হাজাৰ ৪৮০ জন লোক। এই লৈ দেশত মুঠ সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৭৩ লক্ষ ১৫ হাজাৰ ৯৮৯। এই মুহূর্তত সমগ্ৰ দেশত সক্রিয় কৰোনা ৰোগীৰ সংখ্যা ৬ লক্ষ ৩ হাজাৰ ৬৮৭।
সুস্থতাৰ হাৰ বৃদ্ধি পাই হৈছে ৯০.৯৯ শতাংশ। বুধবাৰে এই হাৰ আছিল ৯০.৮৫ শতাংশ।
ইফালে আজিৰ বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত মুঠ পৰীক্ষাৰ সংখ্যা ১০ লক্ষ ৭৫ হাজাৰ ৭৬০। ইয়াৰ ভিতৰত ৪৯ হাজাৰৰো অধিক ৰিপোর্ট পজিটিভ অহাত সংক্রমণৰ হাৰ বৃদ্ধি পাই হৈছে ৪.৬৪ শতাংশ। বুধবাৰে এই হাৰ আছিল ৪.১১ শতাংশ।
সংক্রমিতৰ সংখ্যাৰ লগত সমানে তাল মিলাই বাঢ়িছে মৃত্যুৰ সংখ্যাও।
বৃহস্পতিবাৰৰ বুলেটিন অনুযায়ী দেশত কৰোনাৰ কাৰণে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৫১৭ জনৰ। দেশত বৃহস্পতিবাৰ পর্যন্ত মুঠ কোভিডৰ বলি হৈছে ১ লক্ষ ২০ হাজাৰ ৫২৭ জন।