লংকাৰ পৰা মনোজ কুমাৰ পাঠক
আজি আজমল আৰু শিলাদিত্যৰ ৰণডুম্বি বজালে নৱ গঠিত অসম জাতীয় পৰিষদ দলে ৷ হোজাইৰ নিলবাগানৰ লাকী মাৰ্টত অসম জাতীয় পৰিষদৰ হোজাই জিলা সমিতি আৰু যোগাদান কাৰ্য্যসূচী উপলক্ষে এখন সভা অনুষ্ঠিত হয় ৷ বিভেদকামী শক্তিক উফৰাই আঞ্চলিকাতা বাদক আদৰিলৈ ইতিমধ্য প্ৰস্তুত হৈছে হোজাই জিলাবাসী ৷
আজমল আৰু শিলাদিত্য দেৱৰ বৰভেটিত আজি ৰনশিঙা বজালে নৱগঠিত অসম জাতীয় পৰিষদে ৷ অসম জাতীয় পৰিষদে আজি হোজাই জিলাৰ হোজাই আৰু যমুনামুখ সমষ্টিৰ মধ্যস্থল নিলবাগানত হোজাই জিলা আহবায়ক সমিতি গঠন আৰু যোগাদান কাৰ্য্যসূচী উপলক্ষে এখনি সভা অনুষ্ঠিত কৰে ৷ নিলবাগানৰ লাকী মাৰ্টত অনুষ্টিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয় পৰিষদৰ মুখ্য আহবায়ক জগদীশ ভূঞা, আহবায়ক সকল ক্ৰমে অদীপ ফুকন, চিত্ৰ বসুমতাৰী লুচি নেওঁগ, শিবৰাম মৰাং, মুখপাত্ৰ জিয়াওঁৰ ৰহমানকে আদি কৰি শিৰ্ষ নেতৃবৃন্দ ৷ সভাৰ আৰম্ভনিতে অতিথিসকলক গায়ন-বায়ন, বিহুৱা দলে আদৰি আনে ৷ সভাত সভাপতিত্ব কৰে আহবায়ক বেনীমাধব ঘোষে ৷ প্ৰায় পাছ সহস্ৰাধিক লোক সভাখনত উপস্থিত থাকে ৷ সভাত এ,জে,পি, নেতৃত্বই বৰ্তমান শাসনাধিস্থ বি,জে,পি চৰকাৰ খনৰ লগতে এ আই ই ডিএফ ক সাম্প্ৰদায়িক দল বুলি উল্লেখ কৰাৰ লগতে চোকা সমালোচনা কৰে ৷ লগতে এইবাৰ অসমৰ ৰাইজে বিভেদকামী শক্তিক উফৰাই আঞ্চলিকাতাবাদক আকোৱালি লব বুলি কয় ৷
আনহাতে অসম জাতীয় পৰিষদৰ মুখ্য আহবায়ক জগদীশ ভূঞাই সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত AIUDFয়ে বিজেপিৰ হৈ কাম কৰা বুলি অভিযোগ কৰে৷ মিঞা মিউজিয়াম সন্দৰ্ভত তেওঁ কি ক’লে তেওঁৰ মুখেৰেই শুনো আহক ৷
আজি বিভিন্ন দল সংগঠনৰ পৰা প্ৰায় দুই সহস্ৰাধিক লোকে AJP-ত যোগদান কৰে ৷ আজি চৰিজনক মুখ্য আহবায়ক হিচাপে লৈ মুঠ ৯০ জনীয়া হোজাই জিলা আহবায়ক সমিতিখন গঠন কৰা হয় ৷
আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য ঘাটি ৰূপেখ্যাত হোজাই, বিজেপিৰো মুখ্য ঘাটি হোজাই, সংখ্যালঘু প্ৰধান এলেকা তথা এআইইউডিএফৰ ঘাটি ৰূপে যমুনামুখ এনেদৰে এজেপি দলে বিপুল সহাৰী লাভ কৰাত বিশেষ তাতপৰ্য্য বহন কৰিছে ৷ সঁচাকৈয়ে এজেপি নেতৃত্বই দাবী কৰা ধৰণে ৰাইজে এইবাৰ বিভেদকামী শক্তিক উফৰাই আঞ্চলিকতাবাদক আকোৱালি ল’ব নেকি? তাৰ বাবে হয়তো আমি আৰু কিছু দিন অপেক্ষা কৰিব লাগিব ৷