নিউজ ডেক্স:
তীব্র নিন্দাৰ সন্মুখীন হৈছে কাটাৰ। অষ্ট্ৰেলিয়া অভিমুখী ১৮গৰাকী মহিলাক বিমানৰ পৰা নমাই দোহা বিমানবন্দৰত নগ্ন কৰি তালাচীৰ অভিযোগ উঠিছে। শেষত চাপত পৰি ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল কাটাৰ প্রশাসন। ২০২২ চনৰ ফুটবল বিশ্বকাপ আয়োজনৰ পূৰ্বে এই ঘটনাই নিসন্দেহে কাটাৰৰ ভাবমূর্তি নষ্ট কৰিব। কিন্তু কিয় এনে ঘটনা ঘটিল?
দোহা বিমানবন্দৰৰ আবর্জনা স্তূপত এটি নৱজাতক উদ্ধাৰ হয়। প্লাষ্টিকত বান্ধি শিশুটিক পেলাই থৈ গৈছিল। কাটাৰত এনে ধৰণৰ অপৰাধ সাধাৰণতে বিৰল। সদ্যোজাতৰ মাতৃক বিচাৰি উলিওৱাৰ উদ্দেশ্যে বিদেশী মহিলাসকলক বিমানৰ পৰা জোৰ কৰি নমাই নগ্ন কৰি তালাচী কৰা হয়। আনকি, মহিলাসকলৰ গোপানাঙ্গতো তালাচী চলোৱা হয়।
জানিব পৰা মতে, বিমানবন্দৰৰ টাৰমেকত এখন এম্বুলেন্স ৰখা আছিল। তাতেই মহিলা কেইগৰাকী তালাচী চলোৱা হয়। আন্তর্জাতিক সংবাদ মাধ্যমৰ খবৰ অনুযায়ী, চিডনিগামী ১০খন বিমানৰ পৰা মুঠ ১৮ গৰাকী মহিলাক নমোৱা হয়। যাৰ ভিতৰত ১৩ গৰাকী অষ্ট্ৰেলিয়াৰ বাসিন্দা। ইয়াৰ পিছতেই কাটাৰক কঠোৰ বার্তা দিয়ে অষ্ট্ৰেলিয়াই। যাৰ ফলত শেষত বুধবাৰে ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল কাটাৰ।
এক বিবৃতিত কাটাৰ প্ৰশাসনে জনাইছে, “এই জঘন্য অপৰাধৰ সৈতে জড়িত অপৰাধীক ধৰিবলৈয়েই লগে লগে তালাচীৰ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ ফলত কোনো যাত্রীৰ ব্যক্তিগত স্বাধীনতা বিঘ্নিত হ’লে কাটাৰ প্রশাসন তাৰ বাবে দুঃখিত। ভবিষ্যতে কাটাৰলৈ অহা যাত্রীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দিশত নজৰ ৰখা হ’ব।অৱশ্যে এই ঘটনাত কাটাৰৰ বাণিজ্যিক আৰু ভাবমূর্তিগত ব্যাপক ক্ষতি হৈছে বুলি খবৰ পোৱা গৈছে।
উল্লেখযোগ্য যে ২০২২ চনত কাটাৰতেই ফুটবল বিশ্বকাপ অনুষ্ঠিত হ’ব। তাৰ আগতে এই ঘটনাই আন্তর্জাতিক মহলত বিৰূপ প্রভাৱ পেলাব বুলি অনুমান কৰিছে ভুৰখা মহলে। আনহাতে, সদ্যোজাত কন্যা সন্তানটি দোহাৰ হস্পিটেলত ভৰ্তি হৈ আছে। বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে।
উল্লেখ্য, কাটাৰত বিবাহিত দম্পতিৰ বাহিৰে যৌন সম্পৰ্ক কৰাটো অপৰাধ হিচাবে গণ্য কৰা হয়। অবিবাহিত কোনো মহিলা ধর্ষণৰ ফলত অন্ত্বঃসত্তা হ’লেও আইনত অপৰাধ। তেওঁক গ্রেপ্তাৰ পর্যন্ত কৰা হ’ব পাৰে।










