![]()
নিউজ ডেস্কঃ
সমগ্ৰ বিশ্বৰ বাঘা বাঘা বৈজ্ঞানিকে দিনে-ৰাতিয়ে মেহনত কৰি কৰ’না ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ চেষ্টা কৰি থকাৰ মাজতে যোগগুৰু বাবা ৰামদেৱে প্ৰস্তুত কৰি উলিয়ালে কৰ’নিল নামৰ ঔষধ৷

উন্মোচন কৰাৰ দিনা বাবা ৰামদেৱে নিজেই এয়া কৰ’নাৰ ঔষধ বুলি ঘোষণা কৰিছিল যদিও পাছত উত্তৰাখণ্ডৰ স্বাস্থ্য বিভাগে অনুসন্ধান আৰম্ভ কৰি পতঞ্জলিৰ চি ই অ’ আৰু আন বিষয়ববীয়াসকলক চমন দিয়াৰ পাছত পতঞ্জলিৰ চি ই অ’ বালাকৃষ্ণই কৰ’নিলক কৰ’নাৰ নহয় জ্বৰৰ ঔষধহে বুলি ঘোষণা কৰে৷ পিছে তেতিয়ালৈ যোৱা ২৩ জুনৰ পৰা ৫৪৫ টকাৰ কৰ’নিল কিট বিক্ৰী কৰি পতঞ্জলিয়ে প্ৰায় ২৫০ কোটি টকা উপাৰ্জন কৰিছে বুলি কোম্পানীটোৱে নিজা ৱেবছাইটত প্ৰকাশ কৰিছে ৷
প্ৰথমে কৰ’না কিট নাম ৰখা ঔষধবিধৰ নাম সলাই পিছলৈ কৰ’নিল কিট কৰা হোৱা ঔষধবিধৰ বিজ্ঞাপনত চৰকাৰীভাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যদিও সেয়া কাৰ্যকৰী নোহোৱাটোহে এতিয়া প্ৰহসন হৈ পৰিছে ৷










