![]()
নিউজ ডেস্কঃ
ভাৰতীয় বায়ুসেনাৰ সূত্র মতে, অহা ৫ নৱেম্বৰত ৩খন ফৰাচী যুদ্ধবিমান হাৰিয়ানাৰ আম্বালা বিমানকোঠত আহি উপস্থিত হ’ব। সেইকেইখন ভাৰতীয় বায়ুসেনাৰ ‘গল্ডেন এৰ’ (১৭ নম্বৰ) স্কোৱাড্রন’ৰ অন্তর্ভুক্ত হ’ব।
পৰৱর্তী পর্যায়ত জানুৱাৰী মাহত ৩খন, মার্চত ৩খন আৰু এপ্রিলত ৭খন ৰাফেল যুদ্ধবিমান ফান্সৰ পৰা ভাৰতলৈ আহিব। উল্লেখ্য যে বিগত ২৯ জুলাইত প্রথম পৰ্যায়ত ৫খন ৰাফেল ভাৰতত আহি উপস্থিত হৈছিল। অস্ত্রসজ্জাৰ প্ৰশিক্ষম শেষ হোৱাৰ পিছত যোৱা ১০ ছেপ্টেম্বৰত সেইকেইখনে আনুষ্ঠানিকভাবে ভাৰতীয় বায়ুসেনাত যোগ দিছে। এপ্রিল পর্যন্ত ২১খন এখনীয়া আসন বিশিষ্ট যুদ্ধবিমানৰ উপৰি ৭খন দুই আসন বিশিষ্ট প্রশিক্ষণ ৰাফেলো ভাৰতীয় বায়ুসেনাৰ হাতলৈ আহিব।










