![]()
নিউজ ডেস্কঃ
কংগ্রেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে আইনী পদক্ষেপৰ দাবী তুলি নির্বাচন আয়োগৰ দ্বাৰস্থ হ’ল বিজেপি।
বিহাৰত প্রথম পৰ্যায়ৰ ভোটগ্রহণ চলিছে বুধবাৰে পুৱাৰে পৰা। আজি পুৱা বিহাৰবাসীক উদ্দেশ্যি ‘মহাজোঁট’ক ভোট দিয়াৰ আবেদন জনায় ৰাহুল গান্ধীয়ে। টুইট কৰি তেওঁ কয়, ‘চাকৰি, ন্যায়, কৃষক-শ্রমিকসকলৰ স্বার্থত আপোনালোকে মহাজোঁটক ভোট দিয়ক।’ ৰাহুলে আৰু লিখে, ‘বিহাৰৰ প্রথম পৰ্যায়ৰ নিৰ্বাচনত আপোনালোক সকলোকে শুভেচ্ছা।’ তাৰ পিছত হেজ টেগ দি হিন্দীতে লিখে, ‘আজ বদলেগা বিহাৰ’।
ভোটগ্রহণ চলি থাকোতে ৰাহুলৰ এই টুইটক কেন্দ্ৰ কৰি ৰাজনৈতিক যুদ্ধ আৰম্ভ হৈ গৈছে। নির্বাচনী বিধি ভঙ্গৰ অভিযোগ তুলি বিজেপিয়ে পোনে পোনে নির্বাচন আয়োগৰ দ্বাৰস্থ হৈছে। পত্ৰ লিখি ৰাহুলৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণৰ আর্জি জনাইছে বিজেপিয়ে। পত্ৰত বিজেপিয়ে লিখিছে, ‘মডেল কোড অব কনডাক্ট ভঙ্গ কৰিছে ৰাহুলে। সেয়ে তেওঁৰ বিৰুদ্ধে আইনী পদক্ষেপ ল’বলৈ আবেদন জনাইছো।’
উল্লেখ্য যে ভোটগ্রহণৰ দিনা কোনো ৰাজনৈতিক নেতা বা দলক ভোট বিচৰাৰ পৰা বিৰত ৰাখিবলৈ আৰম্ভ কৰা হৈছে মডেল কোড অব কনডাক্ট। কিন্তু ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ দিনা টুইট কৰি ভোটৰ আবেদন জনোৱাত তেওঁৰ বিৰুদ্ধে নির্বাচনী বিধি ভঙ্গৰ অভিযোগ তুলিছে বিজেপিয়ে।










