![]()
নিউজ ডেস্কঃ
আনলক-৫ৰ সময়সীমা আৰু এমাহ বৃদ্ধি পাইছে। তাৰ লগত তাল মিলায়েই যাত্রীবাহী আন্তর্জাতিক উৰানত নিষেধাজ্ঞাও বাঢ়িল ৩০ নৱেম্বৰ পর্যন্ত। মঙ্গলবাৰে ডাইৰেক্টৰেট জেনেৰেল অব চিভিল এভিয়েচন (ডিজিসিএ)-এ এক বিজ্ঞপ্তিত এই নির্দেশনা জাৰি কৰিছে। অৱশ্যে কার্গো বিমান আৰু নির্ধাৰিত কিছু উৰানৰ ক্ষেত্রত এই নির্দেশ কার্যকৰী নহ’ব বুলিও জনাইছে ডিজিচিএ-ই।
আন্তর্জাতিক উৰানত নিষেধাজ্ঞা আৰু ৰেহাই সংক্রান্তীয় বিজ্ঞপ্তি শেষবাৰ জাৰি হৈছিল ২৬ জুনত। সেই বিজ্ঞপ্তিত বিশেষ বিশেষ ক্ষেত্রত ৰেহাই দি আন্তর্জাতিক উৰানত নিষেধাজ্ঞা জাৰি আছিল ৩১ অক্টোবৰ পর্যন্ত। আনহাতে, আনলক-৫ৰ ম্যাদো আছিল একেই দিন পর্যন্ত। নতুনকৈ আনলক-৬ ঘোষণাৰ পৰিৱর্তে আনলক-৫ৰ ম্যাদেই বঢ়াই ৩০ নৱেম্বৰ পর্যন্ত কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে। কেন্দ্রৰ এই সংক্রান্তীয় ঘোষণাৰ পিছত তাৰ লগত সামঞ্জস্য ৰাখিয়েই বিজ্ঞপ্তি জাৰি কৰে ডিজিচিএ-ই।
বিজ্ঞপ্তিটোত কোৱা হৈছে, ‘‘২৬ জুনৰ নির্দেশনাত আংশিক সংশোধন কৰি তাৰ ম্যাদ বঢ়োৱা হৈছে। এই নির্দেশনা অনুযায়ী যিসমূহ আন্তর্জাতিক উৰানত নিষেধাজ্ঞা আছিল, সেয়া বৃদ্ধি কৰি ভাৰতীয় সময় ৩০ নৱেম্বৰ নিশা ১১টা ৫৯ মিনিট পর্যন্ত কৰা হ’ল।’’ কিন্তু এই নিষেধাজ্ঞা আন্তর্জাতিক পণ্য সৰবৰাহকাৰী উৰানৰ ক্ষেত্রত কার্যকৰী নহ’ব বুলিও বিজ্ঞপ্তিটোত জনাইছে।










