![]()
নাগৰিকত্ব সংশোধনী আইন-২০১৯ বিৰুদ্ধে পুনৰ আন্দোলন কংগ্ৰেছৰ। অসম ৰাজ্যিক NSUI উদ্যোগত কা’ বাতিলৰ দাবীত গুৱাহাটী ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ। কা’ আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতি সন্মান জনাই এন.এছ.ইউ.আই’ কৰ্মী অৰুনাভ হাজৰিকা’ই ৰাজীৱ ভৱনত মুণ্ডণ কৰি প্ৰতিবাদ সাবস্ত কৰে।
বিৰ্তকিত আইনখনৰ বিৰূদ্ধে অসম ৰাজ্যিক এন.এছ.ইউ.আই’এ বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে।

ইফালে কা’ যেতিয়ালৈ বাতিল নহ’ব তেতিয়ালৈ অসম প্ৰদেশ কংগ্ৰেছৰ মাৰ্গদশনত তীব্ৰ গণতান্ত্রিক প্ৰতিবাদ কৰিব বুলি এন.এছ.ইউ.আই কর্মী জ্যোতি বিকাশ চাংমাই মন্তব্য কৰে। লগতে বিজেপি চৰকাৰক সকীয়নি প্ৰদান কৰি কয়, “জাতি, মাটি, ভেটিৰ কথা কৈ ৰাইজক প্ৰতাৰণা কৰাৰ উত্তৰ অনাগত সময়ত ৰাইজে দিব।” ইফালে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ পুনৰ আৰম্ভ হৈছে কা’ বিৰুদ্ধে।










