![]()
নিউজ ডেস্কঃ
জম্মু–কাশ্মীৰত যোৱা মঙলবাৰৰ পৰা বাদগাম জিলাৰ আৰিবাগ মাচামাত সন্ত্ৰাসবাদীৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত দুই সন্ত্ৰাসবাদী নিহত হয়৷ আনহাতে এই সংঘৰ্ষত শ্বহীদ হয় এজন জোৱান৷ কাশ্মীৰৰ আইজি বিজয় কুমাৰে এই কথা জনায় কয় যে নিহত দুই সন্ত্ৰাসবাদী জৈছৰ সদস্য আছিল৷ ইয়াৰে এটা পাকিস্তানৰ নাগৰিক৷ আনটো সন্ত্ৰাসবাদী পুলৱামাৰ বাসিন্দা৷
আনহাতে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেন্ধৰৰ কলাবনৰ হাবিত নিশা আৰক্ষী আৰু সেনাৰ যৌথ অভিযানত একে–৫৬ ৰাইফল, তিনিটা মেগাজিন, এজোৰ দূৰবীণ, এটা ৰেডিঅ’ ছেট, পাকিস্তানত নিৰ্মিত এটা পিস্তলৰ মেগাজিন, সৌৰ চাৰ্জাৰ, এ কেৰ ৭৯৩ গুলী আৰু এটা পেকেট উদ্ধাৰ হয়৷ অৱশ্যে ইয়াত কোনো সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিব পৰা নাই৷ যিহেতু তাত কোনো সন্ত্ৰাসবাদী নাছিল৷










