![]()
নিউজ ডেস্কঃ
বিমুদ্ৰাকৰণৰ সময়ত এজন ব্যক্তিৰ পৰা ঘোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে৷ আনহাতে দুজন সাংবাদিকক দোষী কৰি গোচৰৰ ভিত্তিত উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী ত্রিবেদ্র সিং ৰাওৱাটৰ বিৰুদ্ধে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে তদন্তৰ নিৰ্দেশ দিছে৷ আনহাতে ফেচবুক প’ষ্টত মুখ্যমন্ত্ৰীক অভিযুক্ত কৰাৰ অভিযোগত সাংবাদিকৰ বিৰুদ্ধে হোৱা গোচৰটো উচ্চ ন্যায়ালয়ে প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়ে। ঘটনাৰ সূত্ৰপাত হ’ল ২০১৬ চনত বিমুদ্ৰাকৰণৰ সময়ত৷ ত্রিবেদ্র সিং ৰাওৱাট তেতিয়া ঝাড়খণ্ডৰ বিজেপি পর্যবেক্ষক আছিল৷
সেই সময়ত এজন ব্যক্তিক ‘গো সেৱা আয়োগ’ৰ প্ৰধান কৰি দিয়াৰ লোভত তেওঁৰ পৰা ৰাওৱাটে বৃহৎ অংকৰ ঘোচ লয় বুলি অভিযোগ উঠে৷ আনহাতে এই ঘোচৰ টকা নিজৰ একাউণ্টত জমা নকৰে৷ তাৰ পৰিবৰ্ত্তে নিজৰ আত্মীয়ৰ একাধিক একাউণ্টলৈ টকা প্ৰেৰণ কৰাৰ অভিযোগ উঠে৷
উল্লেখ্য যে কিছুদিনৰ আগতে উমেশ কুমাৰ শর্মা নামৰ এজন সাংবাদিকে এক ফেচবুক প’ষ্টত এই কেলেংকাৰীৰ কথা পোহৰলৈ আনে৷ ইয়াকে লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰে৷ তাৰ পাছত এই সাংবাদিকজনৰ বিৰুদ্ধে এফআইআৰ দিয়ে৷ ইয়াৰ বিৰুদ্ধে সাংবাদিকজন উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷
আনহাতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবীত দুজন সাংবাদিকে আবেদন কৰে৷ সাংবাদিকৰ দাবী মানি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন্দ্ৰ মৈথানিয়ে মুখ্যমন্ত্ৰী ৰাওৱাটৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিয়ে৷ লগতে উমেশ কুমাৰ শর্মা নামৰ সাংবাদিকজনৰ বিৰুদ্ধে দিয়া এফআইআৰ আদালতে খাৰিজ কৰে৷ ইপিনে মুখ্যমন্ত্ৰীয়ে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় যোৱাৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ উঠাত অস্বস্তিত পৰিছে বিজেপি৷










