![]()
নিউজ ডেস্কঃ
ইটালীৰ বিভিন্ন ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ কৰ’না ভাইৰাছৰ সংক্রমণ হৈছে৷ এই সংক্ৰমণৰ বাবে চৰকাৰে কঠোৰ বিধিনিষেধ জাৰি কৰিছে৷ আনহাতে কঠোৰ বিধিনিষেধৰ বাবেই বিক্ষোভৰ সৃষ্টি হৈছে৷ বিক্ষোভকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষৰ সূত্ৰপাত হৈছে৷ ফলত ৰণক্ষেত্ৰত পৰিণত হৈছে উত্তৰ ইটালীৰ বিভিন্ন অংশ। যোৱা সোমবাৰে ৰাতি এই বিক্ষোভত বহু লোক আহত হয়৷ বিক্ষোভকাৰীয়ে বহু দোকানত লুটপাট চলায়৷
মিলানত বিক্ষোভকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গেছ এৰে৷ আৰক্ষীয়ে ইতিমধ্যে কেইবাজনো বিক্ষোভকাৰীক আটক কৰিছে৷ এই বিক্ষোভৰ লগত কোনো ৰাজনৈতিক দল জড়িত আছে নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত কৰিছে৷ ইটালীত সংক্রমণৰ মাত্ৰা বৃদ্ধি পোৱাত বাৰ আৰু ৰেস্তোৰাবোৰ সন্ধিয়া ৬ বজাৰ পৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে৷ চিনেমা হল, জিম আৰু ছুইমিং পুল বন্ধ কৰিবলৈও নিৰ্দেশ দিছে৷ তাৰ বাবেই প্ৰৱল আপত্তি কৰিছে বিক্ষোভকাৰীয়ে৷










