নিউজ ডেক্স:
বুধবাৰে বিহাৰত প্রথম পৰ্যায়ৰ নিৰ্বাচন। তাৰ আগতে ৰাজনৈতিক নেতাসকলৰ অভব্যতাই যেন নতুন মাত্রা লাভ কৰিছে। বিহাৰত সুশাসন বাবু নামেৰে পৰিচিত মুখ্যমন্ত্রী নীতিশ কুমাৰে ব্যক্তিগত স্তৰত নিম্ন ৰুচিৰ আক্রমণ কৰে প্রাক্তন মুখ্যমন্ত্রী লালুপ্রসাদ যাদৱক।
কটাক্ষ কৰিলে তেওঁৰ ৯ সন্তানক লৈ। প্ৰত্যুত্তৰ দিবলৈ গৈ এইবাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৬-৭গৰাকী ভাই-ভনীক টানি আনিলে বিৰোধী শিবিৰৰ মুখ্যমন্ত্রী পদপ্রার্থী তেজস্বী যাদৱে।
সোমবাৰে এক জনসভাত লালুপ্রসাদ যাদৱক ব্যক্তিগত স্তৰত আক্রমণ কৰি নীতিশ কুমাৰে কয়, ”কাৰোবাৰ কাৰোবাৰ ৮-৯ টা কৈ সন্তান। তেওঁলোকৰ কন্যা সন্তানৰ ওপৰত কোনো ভৰসা নাই। ইমান কেইটা ছোৱালীৰ পিছত পুত্ৰ জন্ম হৈছে।
তাৰ পিছতহে থমকিছে। তেওঁলোকে এই ধৰণৰ বিহাৰেই বিচাৰে।” নিজৰ এই মন্তব্যত কাৰো নাম নল’লেও, নীতিশৰ লক্ষ্য যে লালুৱেই আছিল, সেইটো হয়তো কোৱাৰ প্ৰয়োজন নাই। মুখ্যমন্ত্রীৰ এই ব্যক্তিগত আক্রমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ তেজস্বী যাদৱে এইবাৰ টানি আনে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰিয়ালক।
তেওঁ কয়, ”পূজনীয় নীতিশ কুমাৰজি আমাৰ সম্পর্কত কোনো কটু কথা ক’লে সেইটো আমাৰ বাবে আশীর্বাদ। তেওঁ শাৰীৰিক আৰু মানসিকভাবে ক্লান্ত। সেয়ে তেওঁ যিয়েই নকওক কিয়, আমি সেইটোক আশীর্বাদ হিচাবে লৈছো।” তেজস্বীয়ে কয়, ”আসলতে নীতিশজিয়ে আমাৰ অজুহাতত প্রধানমন্ত্রীক লক্ষ্য কৰি লৈছে।
প্রধানমন্ত্রীৰোতো ৬-৭টা ভাই-ভনী। এইবোৰ কৈ তেওঁৰ আমাৰ মাক আঘাত কৰিছে। মহিলাসকলক মর্যাদা দিয়াৰ কথা পাহৰি গৈছে। তেওঁলোকে নিবনুৱা, দৰিদ্ৰতাৰ দৰে প্ৰকৃত প্ৰসংগক লৈ কথা ক’ব নিবিচাৰে, সেয়ে এইবোৰ কৈছে।”










