নিউজ ডেক্স:
মহিলা চৰকাৰী চাকৰিয়াসকলৰ দৰে এতিয়াৰে পৰা পুৰুষসকলেও লাভ কৰিব সন্তান লালন-পালনৰ বিশেষ ছুটি। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, ২০১৮ চনতে এই সম্পৰ্কীয় বিধেয়কখন গৃহীত হৈছে যদিও দেশৰ জনতা অৱগত নহয়।
এই আইনৰ নিয়ম ব্যাখ্যা কৰি জিতেন্দ্ৰ সিঙে লগতে কয় যে সন্তানৰ বয়স ১৮ বছৰ নোহোৱালৈকে পুৰুষ চৰকাৰী চাকৰিয়ালসকলেও দৰমহাসহ নিজৰ সুবিধা অনুযায়ী সৰ্বাধিক দুবছৰৰ ছুটি লাভ কৰিব। অৱশ্যে এটা বছৰত দুবাৰহে এই ছুটি ল’ব পাৰিব।
মুঠ ৭৩০ দিনৰ ছুটিৰ প্ৰথম ৩৬৫ দিনত কৰ্মচাৰীসকলে সম্পূৰ্ণ দৰমহা লাভ কৰাৰ বিপৰীতে বাকী ৩৬৫ দিনৰ বাবে কৰ্মচাৰীজনে লাভ কৰিব মুঠ দৰমহাৰ ৮০ শতাংশ।
কিন্তু এই ছুটি লাভ কৰিবৰ বাবে থাকিব বিশেষ নিয়ম। বিপত্নীক, বিবাহ বিচ্ছেদ ঘটা আৰু আৰু অবিবাহিত চৰকাৰী পুৰুষ কৰ্মচাৰীসকলহে ইয়াৰ বাবে যোগ্য বিবেচিত হ’ব।










