নিউজ ডেক্স:
ফৰাচী পণ্য বয়কট নকৰাৰ অনুৰোধ জনাইছেছে ফ্ৰান্সে। মধ্যপ্রাচ্যৰ দেশবোৰক ফৰাচী পণ্য বয়কট নকৰিবলৈ অনুৰোধ জনাই এটি বিবৃতি প্রকাশ কৰিছে ফ্ৰান্সে। ৰয়টাৰ্ছৰ প্রতিবেদনত এই কথা প্ৰকাশ।
উল্লেখযোগ্য যে হজৰত মহম্মদক অৱমাননাৰ অভিযোগত বিশ্বজুৰি ফৰাচী পণ্য বয়কটৰ আহ্বান জনায় মুছলিমসকলে। এই বিষয়ত ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে সামাজিক মাধ্যমত। ইয়াৰ মাজতে কুৱেইটসহ কেইবাখনো আৰব দেশে ফৰাচী পণ্য বয়কটৰ আহ্বান দিছে। তাৰেই পৰিপ্রেক্ষিতত এই আনুৰোধ ফ্রান্সৰ।
অৱশ্যে ফ্ৰান্সে মহানবীৰ ব্যঙ্গচিত্র প্রদর্শনৰ ক্ষেত্রত বাকস্বাধীনতাৰ নীতিত অটল আছে। এই বিষয়ত শিৰ নত কৰা নহ’ব বুলিও জনাইছে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰোই।
ফৰাচী বিদেশ মন্ত্রণালয়ে এই বিবৃতিত জনাইছে, সম্প্রতি মধ্য প্রাচ্যৰ কেইবাখনো দেশে ফৰাচী পণ্য, বিশেষকৈ খাদ্য পণ্য বয়কট কৰাৰ আহ্বান জনাইছে। ইয়াৰ উপৰি হজৰত মহম্মদৰ ব্যঙ্গাত্মক কার্টুন প্রকাশৰ বিষয়ত ফ্রান্সৰ বিৰুদ্ধে বিক্ষোভ প্রদর্শনৰ আহ্বান জনোৱা হৈছে।
বিবৃতিটোত কোৱা হৈছে, বয়কটৰ এইবোৰ আহ্বান ভিত্তিহীন আৰু অবিলম্বে এইবোৰ বন্ধ হোৱা উচিত। তাৰ লগতে সকলো ধৰণৰ আক্রমণাত্মক মনোভাব, যিয়ে এটি উগ্র সংখ্যালঘু সম্প্রদায়ক উচটনি দিছে।










