![]()
নিউজ ডেস্কঃ
ছুপ্ৰিম কোৰ্টত নহয়, এলাহাবাদ হাইকোর্টৰ নিৰীক্ষণতে হাথৰস গণধৰ্ষণ-হত্যাকাণ্ডৰ তদন্ত কৰিব চিবিআইয়ে। মঙ্গলবাৰে এই নির্দেশ দিলে ছুপ্রিম কোৰ্টে।
একে সময়তে উত্তৰ প্রদেশৰ পৰা দিল্লীলৈ গোচৰৰ বিচাৰ প্রক্রিয়া হস্তান্তৰৰ দাবীও নাকচ কৰে প্রধান ন্যায়াধীশ এছ এ বোবডেৰ বিচাৰপীঠে। শীর্ষ আদালতৰ পর্যবেক্ষণ, সকলো বিষয়ত যথেষ্ট গুৰুত্ব দিয়ে চাইছে হাইকোৰ্টে। সেয়ে আপাতত হস্তক্ষেপৰ প্রয়োজন নাই। অৱশ্যে চিবিআইৰ তদন্ত প্রক্রিয়া শেষ হোৱাৰ পিছত বিষয়টো পৰীক্ষা কৰি চোৱাৰ বিকল্প খুলি ৰাখিছে প্রধান ন্যায়াধীশে।
উল্লেখ্য যে হাথৰস গণধর্ষণ-হত্যাকাণ্ডক লৈ জনস্বার্থসহ একাধিক গোচৰ ৰুজু হয় শীর্ষ আদালতত। বহু কেইটা নাৰীবাদী আৰু মানৱাধিকাৰ সংগঠনো গোচৰত জড়িত হয়।
তাৰ ভিতৰত মূল আবেদন আছিল দুখন— গোচৰ উত্তৰ প্রদেশৰ পৰা দিল্লীলৈ স্থানান্তৰ আৰু ছুপ্রিম কোর্টৰ তত্ত্বাৱধানত চিবিআই তদন্ত। সকলো গোচৰ একেলগ কৰি শুনানি চলাইছিল প্রধান ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে। মঙ্গলবাৰে গোচৰীয়াৰ দুয়োটা আর্জিয়েই কার্যত খাৰিজ কৰিলে শীর্ষ আদালতে। প্রধান ন্যায়াধীশে কয়, ‘‘গোচৰৰ সকলো দিশ গুৰুত্ব দিয়েই চাইছে হাইকোৰ্টে। হাইকোর্টকেই ৰিপোর্ট কৰিব চিবিআইয়ে।’’ অর্থাৎ হাইকোর্টৰ পৰ্যবেক্ষণত তদন্ত চলাব চিবিআইয়ে।
অৱশ্যে একে সময়তে প্রধান ন্যায়াধীশ বোবডেই কয়, ‘‘তদন্ত প্রক্রিয়া শেষ হ’লে উত্তৰ প্রদেশৰ পৰা গোচৰ স্থানান্তৰৰ বিষয়টো বিবেচনা ক ৰাযাব পাৰে। এই মুহূর্তত চিবিআইয়ে তদন্ত কৰিছে। তাত কোনো বিসঙ্গতি পোৱা হোৱা নাই।’’










