![]()
নিউজ ডেস্কঃ
দেশৰ জাতীয় পতাকাক লৈ পিডিপি নেত্রী মেহবুবা মুফতিৰ মন্তব্যত ক্ষুব্ধ তিনিগৰাকী নেতাই দল এৰিলে। দলত্যাগ কৰাৰ পূৰ্বে পিডিপি প্ৰধান মেহবুবালৈ লিখা পত্ৰত তেওঁৰ মন্তব্যৰ বাবে অসন্তোষ প্রকাশ কৰে দলত্যাগী এই তিনিগৰাকী পিডিপি নেতাই।
পত্ৰত তেওঁলোকে লিখিছে, ‘‘তেওঁৰ কিছু কর্মকাণ্ড আৰু বিশেষকৈ দেশপ্রেমৰ অনুভূতিত আঘাত দিয়া এনেকুৱা অনাকাঙ্ক্ষিত কিছু বক্তব্যত তেওঁলোকে যথেষ্ট অস্বস্তিবোধ কৰিছে।’’
উল্লেখযোগ্য যে সম্প্ৰতি মেহবুবাই কৈছিল, ‘‘যিমান দিনলৈ কাশ্মীৰৰ বাবে নির্ধাৰিত পতাকা উভতাই দিয়া নহ’ব, সিমান দিনলৈকে দেশৰ জাতীয় পতাকাকো সন্মান দেখুওৱা সম্ভৱ নহয়। আমাৰ পতাকা ঘূৰাই দিলেহে পুনৰ আমি জাতীয় পতাকা হতত তুলি ল’ম।’’
সম্পূৰ্ণ ১৪ মাহৰ গৃহবন্দী দশাৰ পৰা অলপতে মুক্ত হৈছে জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী মেহবুবা মুফতি। কাশ্মীৰত ৩৭০ ধাৰা বতিলৰ পিছৰ পৰা তেওঁক গৃহবন্দী কৰিছিল মোদী চৰকাৰে। এক বছৰৰো বেছি সময় ধৰি গৃহবন্দী আছিল মেহবুবা মুফতি।
ইফালে জাতীয় পতাকাক লৈ কৰা মেহবুবা মুফতিৰ মন্তব্যত আগতেই ক্ষোভ প্রকাশ কৰি তেওঁৰ গ্ৰেপ্তাৰৰ দাবীত সৰৱ হৈছে বিজেপি। ইয়াৰ উপৰি এইবাৰ নিজৰ দলতেই প্রবল চাপত মেহবুবা মুফতি।










