নিউজ ডেক্স:
“নৰা জ্বলোৱা” প্ৰথা পৰ্যবেক্ষণৰ বাবে গঠন হ’বলগীয়া সমিতি স্থগিত কৰা সিদ্ধান্ত লৈছে উচ্চতম ন্যায়ালয়ে। দিল্লীৰ বিভিন্ন অঞ্চলৰ “নৰা জ্বলোৱা” ৰ প্ৰথা পৰ্যবেক্ষণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মদন বি লোকৰৰ অধ্যক্ষতাত এখন সদস্য সমিতি গঠনৰ সিদ্ধান্ত স্থগিত কৰাৰ লগতে কেন্দ্ৰ চৰকাৰে নিশ্চিত কৰে যে ৩-৪ দিনৰ ভিতৰত তেওঁলোকে প্ৰদূষণ সম্পৰ্কীয় এখন আইন প্ৰৱৰ্তন কৰিব।
উক্ত আইনখনৰ দ্বাৰা দেশৰ ৰাজধানী চহৰ দিল্লী আৰু কাষৰীয়া অঞ্চলৰ বায়ুৰ গুণৱতা নিয়ন্ত্ৰণ কৰা হ’ব। মূখ্য ন্যায়াধীশ এছ এ বোব্ডে চৰকাৰে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি ব্যক্ত কৰাৰ লগতে তেওঁ ইয়াত পি আই এলৰ কোনো প্ৰাসংগিকতা নাই বুলিও কয়।
প্ৰদূষণৰ এই বিষয়টো অতিশীঘ্ৰে প্ৰতিহত কৰাৰ কথা কোৱাৰ লগতে ন্যায়াশীশ গৰাকীয়ে কয় যে, “তেওঁলোকৰ সেয়া প্ৰাথমিক দায়িত্ব যে দিল্লীৰ লোকসকলে বিশুদ্ধ বায়ু গ্ৰহণ কৰিব পাৰে। চালিচিটৰ জেনেৰেল তুষাৰ মেহতাইও এই বিষয়টি যুদ্ধোত্তৰভাৱে সমাধা কৰা উচিত বুলি মত প্ৰকাশ কৰে।










