নিউজ ডেক্স:
১৪ মাহ গৃহ বন্দি হৈ থকাৰ পাছত শুকুৰবাৰে প্ৰথম সাংবাদিক মেলৰ আয়োজন কৰিছিল মেহবুবা মুফতিয়ে৷ তেওঁ সংবাদ মেলত কৈছিল, জম্মু-কাশ্মীৰৰ নিজা পতাকা নিদিয়া পৰ্যন্ত তেওঁলোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন নকৰে৷
সেই উচতনিমূলক মন্তব্যৰ বাবে পিডিপিৰ নেত্ৰী মেহবুবা মুফতিৰ বিৰুদ্ধে লেফটেনেণ্ট গভৰ্ণৰৰ ওচৰত আবেদন কৰিছে বিজেপিয়ে৷ পিডিপি নেত্রীৰ সেই মন্তব্যৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাৰ ওচৰত আবেদন কৰিছে প্রদেশ বিজেপি সভাপতি ৰবিন্দৰ ৰাইনাই৷
তেওঁ কয়, জম্মু–কাশ্মীৰ দেশৰ অবিচ্ছেদ্য অংগ৷ সেয়ে কোনো অঞ্চলত নিজস্ব পতাকা থাকিব নোৱাৰে৷ দেশৰ সকলো ঠাইতে এখন পতাকা, ৰাষ্ট্ৰীয় পতাকা থাকিব৷












