নিউজ ডেক্স:
সম্পূৰ্ণ হিমালয়ান অঞ্চলজুৰি বৃহৎ মাত্ৰাৰ ভূমিকম্পৰ আশঙ্কা কৰিছে বিজ্ঞানীসকলে। ইতিমধ্যে এই ক্ষেত্ৰত সতর্ক বার্তা শুনাইছে তেওঁলোকে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ মাত্রা হ’ব পাৰে ৮।
বিজ্ঞানীসকলে জনাইছে, যদি সঁচাকৈয়ে এই ভূমিকম্প হয় তেতিয়াহ’লে কঁপি উঠিব ভাৰত আৰু পাকিস্তানৰ বহু এলেকা। সাম্প্রতিক এক গৱেষণাৰ পৰা এই তথ্য পাইছে গৱেষকসকলে। অৱশ্যে ঠিক কেতিয়া এই ভূমিকম্প হ’ব, সেয়া তেওঁলোকে নজনালেও তেওঁলোকৰ দাবী, এই প্রজন্মৰ জীৱন দশাতেই এই ভূমিকম্প হ’ব পাৰে।
জাৰ্নেল অব চিছমোলজিকেল ৰিচাৰ্ছ লেটাৰ্ছত এই গৱেষণা প্রকাশিত হৈছে। এই সমীক্ষাত শিলা পৃষ্ঠ আৰু মাটি পৰীক্ষা কৰি আৰু ৰেডিও কার্বন বিশ্লেষণৰ পিছত গৱেষকসকলে জনাইছে ভয়াবহ ভূমিকম্প হ’ব পাৰে।
ভাৰতত কিমান প্রভাৱ পৰিব এই প্রসঙ্গত গৱেষকসকলে জনাইছে, এই ধৰণৰ ভয়াৱহ ভূমিকম্প হ’লে ভাৰতৰ চণ্ডীগড়, ডেৰাডুন আৰু নেপালৰ কাঠমাণ্ডুৰ দৰে বড় চহৰবোৰ ইয়াৰ দ্বাৰা পোনপটীয়াকৈ প্রভাবিত হ’ব।












