নিউজ ডেক্স:
ৰাজস্থানত দুই ভগ্নীক গণধর্ষণ কৰাৰ উত্তেজনা শাম নাকাটোতেই আৰু এটি ঘটনা পোহৰলৈ আহিছে। এইবাৰ এগৰাকী দলিত যুৱতীক গণধর্ষণৰ ঘটনা পোহৰলৈ আহিছে। অৱশ্যে এই ঘটনা চাৰি মাহ আগৰ। কিন্তু ইমান দিন পিছত অভিযুক্তই কৰা ধর্ষণৰ ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল কৰা হৈছে। ভিডিও ভাইৰেল হোৱাৰ পিছত নির্যাতিতাই আৰক্ষীক এই বিষয়ত বিস্তৃত ৰিপোর্ট দিয়ে। ইয়াৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু কৰি নির্যাতিতাৰ মেডিকেল পৰীক্ষা কৰাই অভিযুক্তসকলৰ তালাচী আৰম্ভ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, এই ঘটনা জালোৰ জিলাৰ ভাদ্রাজুন থানা এলেকাৰ। তাত এগৰাকী ১৮ বছৰীয়া দলিত যুবতীক তিনিজন যুৱকে মিলি গণধর্ষণ কৰিছিল চাৰি মাহ আগতে। অভিযুক্তসকলে সেই সময়ত এই ঘটনাৰ অশ্লীল ভিডিও বনাইছিল। ইয়াৰ পিছত অভিযুক্তসকলে নির্যাতিতাৰ বান্ধবীৰ সৈতে তেওঁলোকৰ বন্ধুত্ব কৰাই নিদিয়াত ছচিয়েল মিডিয়ায় ভিডিও ভাইৰেল কৰি দিয়ে।
নির্যাতিতাই নিজৰ ৰিপোর্টত জনোৱা মতে, চাৰি মাহ পূৰ্বে পথাৰত ছাগলী চৰাবলৈ যাওঁতে তিনিজন যুৱকে তেওঁক গণধর্ষণ কৰে। ৰাম চৌধুৰী, ৰাম পেটেল আৰু নাৰায়ণ ৰাম নামৰ তিনিজন যুৱযে তেওঁৰ সৈতে এই পাশবিক কাম কৰে। নির্যাতিতাই জনোৱা দুই অভিযুক্তই তেওঁক চাকু দেখাই মাৰি পেলোৱাৰ ভাবুকি দিয়ে। ইয়াৰ পিছত তেওঁক হাবিলৈ টানি নি গণধর্ষণ কৰে।
অভিযুক্তসকলৰ ওচৰত অশ্লীল ভিডিও থকাৰ কাৰণে নির্যাতিতাই চাৰি মাহ ধৰি কাকোৱেই একো ক’ব পৰা নাছিল। কিন্তু এইবাৰ ভিডিও ছচিয়েল মিডিয়াত বিয়পাই দিয়াৰ পিছত নির্যাতিতাৰ পৰিয়ালে সকলো কথা কৈ আৰক্ষীৰ দ্বাৰস্থ হয়।












