নিউজ ডেক্স:
শিক্ষাৰ্থীৰ নেতৃত্বত থাইলেণ্ডত হোৱা গণ বিক্ষোভত অৱশেষত কিছু হ’লেও পিছলৈ আহিল দেশখনৰ প্ৰশাসন৷ বেংককত যোৱা সপ্তাহত জাৰি কৰা এমাহজুৰি দিয়া জৰুৰী অৱস্থাৰ নিৰ্দেশ প্রত্যাহাৰ কৰিছে৷ আনহাতে থাইলেণ্ডৰ প্রধানমন্ত্রী প্রায়ুথ চান-ওচাও-এ আন্দোলনকাৰীৰ ওচৰত বিক্ষোভ তুলি ল’বলৈ আবেদন কৰিছে৷
বৃহস্পতিবাৰে থাইলেণ্ড চৰকাৰৰ তৰফৰ পৰা বিজ্ঞপ্তি জাৰি কৰা হৈছিল যে শান্তি শৃংখলা অৱনতি হোৱাত বেংককত এমাহজুৰি জৰুৰী অৱস্থা জাৰি কৰা হৈছিল৷ বৃহস্পতিবাৰে দুপৰীয়া ইয়াক প্ৰত্যাহাৰ কৰা হৈছে৷ কোনো ধৰণেৰে আইন শৃংখলাৰ পৰিস্থিতিৰ অৱনতি নহয় তাৰ প্ৰতি চোকা নজৰ দিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে চৰকাৰে৷
ইয়াৰ লগতে সাধাৰণ মানুহৰ ওচৰত শান্তি বজায় ৰাখিবলৈ আবেদন জনাইছে চৰকাৰে৷ স্মৰ্তব্য যে আঠ দিনৰ আগতে থাইলেণ্ডত ৰাজতন্ত্ৰৰ সংস্কাৰ আৰু প্রধানমন্ত্রী প্রায়ুথ চান-ওচাৰ অপসাৰণৰ দাবীত ৰাজধানী বেংককত তীব্র বিক্ষোভ আৰম্ভ হৈছিল৷
শিক্ষাৰ্থীৰ নেতৃত্বত হোৱা এই আন্দোলনে ভয়ানক ৰূপ ধাৰণ কৰিছিল৷ ফলত চৰকাৰে জৰুৰী অৱস্থা জাৰি কৰিছিল৷ কিন্তু এই নিৰ্দেশক গুৰুত্ব নিদি বেংককত তীব্ৰ বিক্ষোভ কৰে আন্দোলনকাৰীয়ে৷












