
নিউজ ডেস্কঃ
চলিত মাহৰ শেষত আৰু নৱেম্বৰৰ প্রথম সপ্তাহৰ ভিতৰতেই দেশৰ তিনিটা বৃহৎ বিমানবন্দৰ পৰিচালনাৰ কাম আৰম্ভ কৰিব আদানি গোষ্ঠীয়ে। মেঙ্গালুৰু বিমানবন্দৰ ৩১ অক্টোবৰৰ পৰা, লক্ষনৌ বিমানবন্দৰ ২ নৱেম্বৰ আৰু অহমেদাবাদ বিমানবন্দৰ তাদৰকৰ দায়িত্ব ১১ নৱেম্বৰত আদানি গোষ্ঠীৰ হাতত তুলি দিয়া হ’ব বুলি আজি জনাইছে এয়াৰপোর্ট অথৰিটি অব ইণ্ডিয়াই। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ঘনিষ্ঠ হিচাবে পৰিচিত উদ্যোগপতি গৌতম আদানিৰ মালিকানাধীন আদানি গোষ্ঠীক ৫০ বছৰৰ বাবে এই বিমানবন্দৰ কেইটা লিজত দিছে কেন্দ্রীয় চৰকাৰে।
দেশৰ ৬টা বৃহৎ আৰু ব্যস্ত বিমানবন্দৰ ব্যক্তিগতকৰণৰ বাবে নিলাম কৰিছিল কেন্দ্রীয় চৰকাৰে। এই বিমানবন্দৰ কেইটা হ’ল লক্ষনৌ, আহমেদাবাদ, জয়পুৰ, মেঙ্গালুৰু, তিৰুঅনন্তপুৰম আৰু গুৱাহাটী। কেন্দ্রীয় বিবৃতি অনুযায়ী, ৰাষ্ট্ৰীয়কৃত বিমানবন্দৰ কর্তৃপক্ষই ব্যক্তিগত কোম্পানীৰ পৰা যি ধন পাব, সেয়া অন্য চহৰত সৰু বিমানবন্দৰ নিৰ্মাণত ব্যয় হ’ব।












