নিউজ ডেক্স:
ধনবল-বাহুবলৰ উপৰি বিভিন্ন অপৰাধত জড়িত প্ৰাৰ্থীৰ লগতে বিহাৰ বিধানসভা নির্বাচনত এনে বহু প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যাৰ সৰলতা তুলনাহীন। তেনে এগৰাকী প্ৰাৰ্থী হৈছে লখিচৰাই সমষ্টিৰ নির্দলীয় প্রার্থী ভৰত মাহাতো।
প্রার্থীগৰাকীৰ অৱস্থা এনেকুৱা যে তেওঁৰ ভৰিত চেণ্ডেল খুব কমেই দেখা যায়। তেওঁৰ লগত নিজা মোবাইলো নাই। অৱশ্যে ঘৰত এটা সৰু ফোন আছে, যিটোত ফোন কৰি পুত্ৰই পিতৃৰ খবৰ লয়। তেওঁৰ সন্তান বর্তমান শ্রমিকৰ কাম কৰি বাহিৰত আছে।
৭২ বছৰীয়া ভৰত মাহাতোৱে এইবাৰেই প্রথম নির্বাচন খেলা নাই। ইয়াৰ আগতে ১২বাৰমান তেওঁ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে৷ অৱশ্যে এতিয়ালৈকে তেওঁ কেৱল পঞ্চায়ত পর্যায়তহে এইবোৰ নির্বাচনত অৱতীৰ্ণ হৈছে। এইবাৰেই প্রথম বিধানসভা নির্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে।
সংবাদ মাধ্যমৰ আগত ভৰত মাহাতোৱে কয়, তেওঁ এই পর্যন্ত কিমানবাৰ নির্বাচনত যুঁজিছে সেয়া নিজৰো মনত নাই। অৱশ্যে তেওঁ জনায়, মই প্রতিবাৰে চেষ্টা কৰিছো, কিন্তু প্রতিবাৰেই পৰাজিত হৈছো।
তেওঁ লগতে কয়, “জিকিবৰ বাবে মোৰ টকা ক’ত?” তথাপি তেওঁ যে নির্বাচন খেলিয়েই যাব সেই কথাও জনাই দিয়ে।












