নিউজ ডেক্স:
কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৫৪ হাজাৰ ৩৬৬ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে। যাৰ ফলত দেশত মুঠ আক্রান্ত হ’ল ৭৭ লক্ষ ৬১ হাজাৰ ৩১২ জন। আমেৰিকাত এই পৰ্যন্ত মুঠ আক্রান্ত হৈছে ৮৪ লক্ষ ৬ হাজাৰ জন। তৃতীয় স্থানত থকা ব্রাজিলত ৫৩ লক্ষ ২৩ হাজাৰ জন।
আনহাতে, এই পর্যন্ত দেশত মুঠ ৬৯ লক্ষ ৪৮ হাজাৰ ৪৯৭ জন ক’ৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। দেশৰ মুঠ আক্রান্তৰ ৮৯ শতাংশৰো বেছি সুস্থ হৈ উঠিছে। বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ৭৩ হাজাৰ ৯৭৯ জন। বৰ্তমান দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ৬ লক্ষ ৯৫ হাজাৰ ৫০৯ জন।
ইফালে আজিৰ দিনটোত দেশত সংক্ৰমণ হাৰ হৈছে ৩.৭৭ শতাংশ। বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনা পৰীক্ষা হৈছে ১৪ লক্ষ ৪২ হাজাৰ ৭২২ জনৰ।কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত কোভিডত আক্রান্ত হৈ ৬৯০ জনৰ মৃত্যু হৈছে। ইয়াকে লৈ ১ লক্ষ ১৭ হাজাৰ ৩০৬ জনৰ মৃত্যু হ’ল ক’ৰোনাত।
তাৰে ভিতৰত ৪২ হাজাৰ ৮৩১ জনৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰতেই। তামিলনাডু আৰু কর্নাটকত মুঠ মৃত্যু চাৰে ১০ হাজাৰৰ বেছি। উত্তৰ প্রদেশ আৰু অন্ধ্রপ্রদেশত মৃত্যু সংখ্যা চাৰে ৬ হাজাৰৰ ওচৰে-পাজৰে।
মৃত্যুৰ দৰে সংক্রমণৰ হিচাবতো দেশৰ শীর্ষত মহাৰাষ্ট্র। এই পৰ্যন্ত ১৬ লক্ষ ২৫ হাজাৰ লোক আক্রান্ত হৈছে ৰাজ্যখনত। অন্ধ্রপ্রদেশত ৭ লক্ষ ৯৬ হাজাৰ আৰু কর্নাটকত ৭ লক্ষ ৮৮ জন আক্রান্ত হৈছে। তামিলনাডুত মুঠ আক্রান্ত ৭ লক্ষ পাৰ কৰিলে।












