নিউজ ডেক্স:
মুম্বাইৰ এটি অভিজাত শ্বপিং মলত বৃহস্পতিবাৰে নিশা জুই লাগে। নাগপাৰা এলেকাৰ চিটী চেণ্টাৰ মলৰ সেই বিধ্বংসী জুই শুক্রবাৰে পুৱালৈও নিয়ন্ত্রণলৈ নাহে। জুই নুমাবলৈ গৈ আহত হয় ২জন অগ্নিনিৰ্বাপক কর্মচাৰী। মল সংলগ্ন অট্টালিকাটোৰ বাসিন্দাসকলকো আঁতৰাই অনা হৈছে।
স্থানীয় সূত্র মতে, চিটী চেণ্টাৰ মলত প্রথম জুই দেখা গৈছিল বৃহস্পতিবাৰে নিশা ৯ বজাত। সেই সময়ত মলৰ এখন দোকানত জুই লাগে। তাৰ পিছত সেই জুই মলটোৰ দ্বিতীয় আৰু তৃতীয় মহলালৈ বিয়পি পৰে। পুৱতি নিশা প্ৰায় ৩টা বজাত অগ্নিনিৰ্বাপক বাহিনী আহি উপস্থিত হয়। তেতিয়ালৈকে জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰে।
অগ্নিনিৰ্বাপকৰ বিশাল বাহিনী আহি জুই নিয়ন্ত্রণৰ কাম কৰে। ২৪খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী, ১৬টা জাম্বো টেঙ্ক লৈ প্রায় ২৫০ জন অগ্নিনিৰ্বাপক কর্মচাৰীয়ে জুই নিৰ্বাপনৰ কাম কৰে। সেই কাম কৰিবলৈ গৈয়ে আহত হয় ২জন অগ্নিনিৰ্বাপক কর্মচাৰী। চিকিৎসাৰ বাবে তেওঁলোকক হস্পিটেললৈ লৈ যোৱা হয়।












