নিউজ ডেক্স:
২০ অক্টোবৰ মঙ্গলবাৰে নাইজেৰিয়াৰ লগছ অঞ্চলত হোৱা “এণ্টি-ৰ’বেৰী স্কুৱাদ”ৰ বিৰুদ্ধে কৰা প্ৰতিবাদ বন্ধ কৰিবলৈ গুলিচালনা কৰাৰ ফলত ১২জন লোকৰ মৃত্যু হয় ৷ লগছৰ আলাউছা আৰু লেকী বুলি দুটা স্থানত হয় এই ঘটনা ৷ যদিও চৰকাৰী পক্ষই মানি ল’ব বিচৰা নাই তাত কোনো মৃত্যু হৈছিল বুলি ৷
বৰ্তমান ২৪ঘণ্টাৰ কাৰ্ফিউ দিয়াৰ পিছতো আন্দোলন জাৰি ৰাখিছে প্ৰতিবাদকাৰী সকলে ৷ তেওঁলোকৰ দাবী এই আইন উঠাই ল’ব লাগে অতি সোনকালেই ৷
এই এণ্টি-ৰ’বেৰী স্কুৱাদৰ দ্বাৰা নাইজেৰিয়াত সেনাক বিশেষ ক্ষমতা দিয়াৰ পিছত সাধাৰণ জনতাৰ ওপৰত কৰা অত্যাচাৰ ৰোধ কৰিবৰ বাবে ২০১৭চনৰ পৰা টুইটাৰৰ যোগেৰে আৰম্ভ হৈছিল এই এণ্টি-ৰ’বেৰী স্কুৱাদৰ সমাপ্তিৰ আন্দোলন #ENDSARS হেছটেগ ব্যৱহাৰেৰে আৰু এতিয়া পৰ্যন্ত চলি আছে ৷












