নিউজ ডেক্স:
নীতিশ কুমাৰৰ চৰকাৰ বিহাৰত পুনৰ ক্ষমতালৈ আহিলে বিপুল পৰিমাণৰ কর্মসংস্থাপনৰ আশ্বাস দিছে। একে সময়তে বিহাৰবাসীক বিনামূল্যে কৰোনাৰ টীকা দিয়াৰো প্রতিশ্রুতি।
অহা সপ্তাহত বিহাৰৰ নিৰ্বাচন।
কেইদিনমান পূৰ্বে নিজৰ ইস্তাহাৰত বিহাৰবাসীক ১০ লাখ চাকৰিৰ প্রতিশ্রুতি দিছিল বিৰোধী জোঁটৰ মুখ্যমন্ত্রী পদপ্রার্থী তেজস্বী যাদৱে। বৃহস্পতিবাৰে কাগজে-কলমে বিৰোধী জোঁটৰ কর্মসংস্থাপনৰ সেই প্রতিশ্রুতিক ওফৰাই এনডিএ-ই তাৰ প্রায় দুগুণ কর্মসংস্থাপনৰ সপোন দেখুৱালে তেওঁলোকৰ ‘সঙ্কল্প-পত্র’ত। ক্ষমতালৈ উভতিলে ১৯ লাখ বিহাৰীক চাকৰি দিয়াৰ প্রতিশ্রুতি দিছে তেওঁলোকে।
ক’ত ক’ত এই বিপুল পৰিমাণৰ কর্মসংস্থাপন হ’ব তাৰো বিশদ বিৱৰণ দিছে বিহাৰৰ বিজেপি সভাপতি সঞ্জয় জয়ছোৱালে। শিক্ষকতাত ৩ লাখ চাকৰিৰ প্রতিশ্রুতি দিয়ায়া হৈছে। ১ লাখ চাকৰিৰ প্রতিশ্রুতি দিয়া হৈছে স্বাস্থ্য খণ্ডত। বাকী কর্মসংস্থাপন কৃষি আৰু তথ্য-প্রযুক্তি খণ্ডত হ’ব বুলি জনোৱা হৈছে।
আনহাতে, সম্ভাৱ্য কৰোনাৰ টীকাও বিহাৰৰ নিৰ্বাচনত বিজেপিৰ ‘অস্ত্ৰ’ হৈ উঠিছে। নির্বাচনী ইস্তাহাৰ প্রকাশ কৰিবলৈ গৈ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কয়, ‘‘কৰোনা ভাইৰাছৰ টীকা গণহাৰত উৎপাদন আৰম্ভ হ’লেই বিহাৰৰ প্রত্যেককে বিনামূল্যে টীকা দিয়া হ’ব। এয়াই আমাৰ নির্বাচনী ইস্তাহাৰৰ প্রথম প্রতিশ্রুতি।’’
ইয়াৰ উপৰি আৰু কেইবাটাও প্রতিশ্রুতি দিছে এনডিএ-ই :
• ১ কোটি মহিলাক স্বনির্ভৰ কৰি তোলা
• নৱম শ্রেণীৰ পৰা সকলো শিক্ষাৰ্থীক বিনামূল্যে টেবলেট যোগান
• ৩০ লাখ মানুহক পকীঘৰ
উল্লেখ্য যে অহা ২৮ অক্টোবৰৰ পৰা মুঠ ২৪৩খন আসনত তিনিটা পৰ্যায়ত নির্বাচন আৰম্ভ হ’ব বিহাৰত। ফলাফল ঘোষণা হ’ব ১০ নৱেম্বৰত।












