নিউজ ডেক্স:
ৰাজস্থানৰ থৰ মৰুভূমিৰ বুকুৰে প্রায় ১ লাখ ৭২ হাজাৰ বছৰ পূৰ্বে বৈ গৈছিল নদী! সম্প্রতি জার্মানীৰ ‘মেক্স প্লাঙ্ক ইনষ্টিটিউট ফৰ দ্য ছায়েন্স অব হিউমেন হিষ্ট্ৰী’ৰ গৱেষকসকলে সেই হেৰোৱা নদী উপত্যকাৰ সন্ধান পাইছে।
জার্মান সংস্থাটোৰ সহযোগী, কলকাতাৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্স এডুকেচন এণঅড ৰিছার্চ’আৰু তামিলনাডুৰ অন্না বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ প্রাথমিক অনুমান, এই নদীৰ অৱবাহিকাজুৰি গঢ়ি উঠিছিল প্রাচীন প্রস্তৰ যুগৰ সভ্যতা।
সম্প্রতি ‘কোৱাটার্নাৰি ছায়েন্স ৰিভিউজ’ পত্রিকাত যৌথ গৱেষকসকলৰ প্রবন্ধটি প্রকাশিত হৈছে। তাত বিকানেৰৰ পৰা প্রায় ২০০ কিলোমিটাৰ দূৰৈত নল কোৱাৰি এলেকাত এই প্রাগৈতিহাসিক নদী অৱবাহিকাৰ সন্ধান পোৱাৰ তথ্য আছে। আছে পালিওলিথিক জনগোষ্ঠীৰ উপস্থিতিৰ প্রমাণো।
মেক্স প্লাঙ্ক ইনষ্টিটিউটৰ গৱেষক জিমবব ব্লিঙ্কহৰ্নে জনাইছে, শুকাই যোৱা নদী অৱবাহিকাই সেই এলেকাৰ প্রাগৈতিহাসিক ইতিহাস সম্পর্কে তেওঁলোকক ধাৰণা দিছে। সমীক্ষক দলৰ সদস্য, অন্না বিশ্ববিদ্যালয়ৰ অধ্যাপক হেমা অচ্যুতনে কয়, ‘‘আধুনিক লুমিনেছেন্স ডেটিং পদ্ধতিৰ সহায়ত আমি জানিব পাৰিছো ১ লাখ ৪০ হাজাৰ বছৰ পূৰ্বে নদীখন জীৱিত আছিল। তাৰ পিছত লাহে লাহে সেয়া হেৰাই যায়।’’












