নিউজ ডেক্স:
ক’ৰোনা ভেকচিনৰ বাবে অন্তত ৫০ হাজাৰ কোটি টকা প্ৰস্তুত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। অর্থাৎ সেই টকা কেৱল ভেকচিন ক্ৰয়ৰ কামতেই খৰচ কৰা হ’ব। ভেকচিন ক্ৰয়, সংৰক্ষণ আৰু সৰবৰাহৰ কামৰ সৈতে জড়িত চৰকাৰৰ এজন ঘনিষ্ঠ ব্যক্তিয়ে এক সর্বভাৰতীয় সংবাদ মাধ্যমক এই কথা জনাইছেন।
নাম–পৰিচয় প্রকাশত অনিচ্ছুক ব্যক্তিগৰাকীৰ দাবী, ১৩০ কোটি জনসংখ্যাৰ দেশত জনে প্রতি প্রতিটো ভেকচিনৰ মূল্য পৰিব ৪৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰত। প্রতিজন ব্যক্তিকে যদি ভেকচিনেৰ অন্তত দুটি ড’জ দিয়া হয়, সেই ক্ষেত্রত প্রতি ড’জত ১৫০ টকামান খৰচ পৰিব পাৰে।
লগতে আন্তঃগাঁথনি, সংৰক্ষণ আৰু সৰবৰাহৰ খৰচ ধৰিলে তাত আৰু ২৫০ টকামান যোগ হ’ব। সকলো মিলাই চলিত বিত্তীয় বর্ষত ক’ৰোনা ভেকচিনৰ বাবে বাজেটৰ ৫০ হাজাৰ কোটি টকা আবণ্টন কৰা হৈছে।
অৱশ্যে এই বিষয়ত কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ৰ কোনো এতিয়াও বক্তব্য লাভ কৰা হোৱা নাই। যোৱা মঙ্গলবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ ভাষণত কৈছিল, কোভিড টীকা বজাৰলৈ আহিলেই চৰকাৰে দেশৰ প্রতিজন নাগৰিকৰ বাবে তাৰ ব্যৱস্থা কৰিব।












